Crime in Rangia: স্বচ্ছ ভাৰত অভিযানৰ নামত ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত দুই প্ৰৱঞ্চক - ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত দুই প্ৰৱঞ্চক
ৰঙিয়া, ১১ জুন:ৰঙিয়াৰ গুৰকুছিত দৰিদ্ৰ হিতাধিকাৰীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত ৰাইজে আটক কৰিলে দুই প্ৰৱঞ্চকক (Fraud arrested in Rangia)। ধৃত দুই প্ৰৱঞ্চক হৈছে নলবাৰী জিলাৰ বৰভাগৰ জাকিৰ হুছেইন আৰু নলবাৰী চহৰৰ আজাহাৰ আলী । উত্থাপিত অভিযোগ অনুসৰি শনিবাৰে ৰঙিয়াৰ গুৰকুছি অঞ্চলত প্ৰৱঞ্চক দুটাই স্বচ্ছ ভাৰত অভিযানৰ শৌচালয় দিয়াৰ প্ৰলোভনেৰে দৰিদ্ৰ হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পৰিদৰ্শন কৰে (Fraud collected money for Swachh Bharat Mission)। লগতে হিতাধিকাৰীসকলৰ পৰা বেংকৰ পাছবুক, পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগতে এশ টকাকৈ সংগ্ৰহ কৰে ।
এনেদৰে গাঁওখনৰ প্ৰায় ৪০ টা দৰিদ্ৰ পৰিয়ালৰ পৰা টকা সংগ্ৰহ কৰে। সন্ধিয়া হোৱাৰ লগে লগে গাঁওখনৰ সচেতন লোকসকল বিষয়টোৰ অৱগত হোৱাত লগে লগে ঘেৰি ধৰে দুই প্ৰৱঞ্চক যুৱকক। ৰাইজে জবাবদিহি কৰাত ওৰহি গছৰ ওৰ ওলাই পৰে। ঠগ প্ৰৱঞ্চনা কৰি ধন সৰকাবলৈ অহা বুলি গম পাই ৰাইজে আটক কৰে দুই প্ৰৱঞ্চকক । লগতে দৰিদ্ৰ হিতাধিকাৰীসকলৰ পৰা সংগ্ৰহ কৰা টকা ওভতাই দিবলৈ বাধ্য কৰায় দুই প্ৰৱঞ্চকক।
ইয়াৰ পিছতে উক্ত ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে ৰঙিয়াৰ গুৰকুছি অঞ্চল। পিছত সচেতন লোকসকলে ৰঙিয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ৰাইজে দুই প্ৰৱঞ্চকক ধৰি আৰক্ষীক গতাই দিয়ে । আৰক্ষীয়ে দুই প্ৰৱঞ্চকক আটক কৰি ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে ।