People died after falling into a liquor distillery: তালাপ টিপুকত চুলাই ভাটিত পৰি স্বত্বাধিকাৰীসহ চাৰিজনৰ মৃত্যু - চুলাই ভাটিত পৰি স্বত্বাধিকাৰীসহ চাৰিজনৰ মৃত্যু
তিনিচুকীয়া, ১০ আগষ্ট: তিনিচুকীয়া জিলাৰ তালাপ টিপুকত বৃহস্পতিবাৰে চুলাই ভাটিত পৰি ভাটিৰ মালিকসহ চাৰিজন লোকৰ মৃত্যু হয় । মৃত লোককেইজন ৰামপ্ৰসাদ ৰায়(৭০), পুতৰজি ৰায় (৪৫) আৰু দুজন শ্ৰমিক ক্ৰমে পুকলা কিষাণ (৩৮), কইয়া গোৱালা (৪৪) বুলি জানিব পৰা হৈছে ৷ চুলাই ভাটিৰ লালী গুৰ জমা কৰা টেংকিত পৰি লোককেইজনৰ মৃত্যু হয় ৷
ৰাম প্ৰসাদ ৰায়ৰ চুলাই উক্ত ভাটিত ২০২২ চনৰ ১৭ আগষ্টত প্ৰশাসনে উচ্ছেদ চলাইছিল ৷ ডুমডুমা ৰাজহ চক্ৰ বিষয়া আৰু ডুমডুমা আৰক্ষীয়ে উচ্ছেদ চলাইছিল এই অবৈধ চুলাই ভাটিটোত ।
ৰাম প্ৰসাদ ৰায় (চেৰ্পা)ই নিজ ঘৰতেই চুলাই প্ৰস্তুত কৰা ফেক্টৰী সদৃশ ব্যৱস্থা কৰি লৈছিল ৷ ডুমডুমা অঞ্চলৰ প্ৰায় প্ৰতিখন চাহ-বাগিছাত চেৰ্পাৰ চুলাই ভাটিৰ পৰাই অবৈধ চুলাইৰ সৰবৰাহ হৈছিল । আবকাৰী বিভাগক সম্পূৰ্ণৰূপে মেনেজ কৰি ৰাম প্ৰসাদ ৰায় ওৰফে চেৰ্পাই এই চুলাই ভাটি চলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়ক:Assam japanese encephalitis update:বঙাইগাঁৱত জাপানীজ এনকেফেলাইটিছত দুজনৰ মৃত্যু