অসম

assam

ETV Bharat / videos

ৰেডিশ্বন ব্লুলৈ মহাৰাষ্ট্ৰৰ আৰু চাৰি বিসম্বাদী বিধায়কৰ আগমণ - dissident MLAs from Maharashtra arrive at Radisson Blu in Guwahati

🎬 Watch Now: Feature Video

By

Published : Jun 22, 2022, 10:26 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

গুৱাহাটীৰ ৰেডিশ্বন ব্লুত(Radisson Blu Guwahati) বুধবাৰে নিশা 9 বজাত পুনৰ মহাৰাষ্ট্ৰৰ চাৰি শিৱসেনাৰ বিসম্বাদী বিধায়ক উপস্থিত হয় । চাৰি বিসম্বাদী বিধায়কৰ লগতে গুজৰাট বিজেপিৰ ৰাজ্যিক সভাপতি চন্দকান্ত পাতিলো উপস্থিত হয় ৰেডিশ্বন ব্লুত (Maharastra BJP president)। ইতিমধ্যে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাৰ 41 গৰাকী বিধায়কক লৈ গুৱাহাটীৰ ৰেডিশ্বন ব্লু’ত বাহৰ পাতি আছে । আৰম্ভ কৰিছে ৰাজনীতিৰ অংক (Maharashtra political Crisis)। অবিজেপি শাসিত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতাৰ খেলখন অসমত অনুষ্ঠিত হোৱাক লৈ চলিছে বিশেষ চৰ্চা । মহাৰাষ্ট্ৰৰ চাৰি বিসম্বাদী বিধায়কক বৰঝাৰ বিমানবন্দৰৰ পৰাই কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰেডিশ্বন ব্লুলৈ লৈ যোৱা হয় । মহাৰাষ্ট্ৰৰ চাৰি বিসম্বাদী বিধায়কৰ বাহনক ৰেডিশ্বন ব্লুৰ সম্মূখত সাংবাদিকে ঘেৰি ধৰে যদিও তেওলোকে মতামত প্ৰদানৰ পৰা বিৰত থাকে ৷ আনহাতে এই চাৰিজন বিসম্বাদীৰ উপৰিও আন তিনিজন বিসম্বাসী বিধায়কে গুৱাহাটীৰ বিমান বন্দৰত বাহৰ পতা বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details