Foundation stone of Sati Radhika statue: লখিমপুৰত সতী ৰাধিকাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন - All Assam Kaivarta Youth Students Union
লখিমপুৰ, ১৯ মাৰ্চ:অসমৰ ইতিহাস বীৰ-বীৰাংগনাৰ অমৰ কাহিনীৰে উজ্জীৱিত । বিভিন্ন ক্ষেত্রত বীৰ-বীৰাংগনাসকলৰ কাহিনীয়ে সকলোকে অনুপ্ৰাণিত কৰি ৰাখিছে (Foundation stone of Sati Radhikas statue in Lakhimpur)। তেনে এগৰাকী নমস্য নাৰী হ'ল সতী ৰাধিকা । ৰাধিকাৰ এটি প্ৰতিমূৰ্তি লখিমপুৰত স্থাপন কৰাৰ বাবে দেওবাৰে আধাৰশিলা স্থাপন কৰা হয়।
লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্রত দেওবাৰে সতী ৰাধিকাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয় । সদৌ অসম কৈৱৰ্ত যুৱ ছাত্র সন্থাৰ উদ্যোগত স্থাপন কৰিবলৈ লোৱা সতী ৰাধিকাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে লখিমপুৰ পৌৰসভাৰ পৌৰপতি নিবেদিতা দত্তই (All Assam Kaivarta Youth Students Union)।
গায়ন বায়ন, আয়তীৰ উৰুলি আদি মংগল ধ্বনিৰ মাজত পৌৰপতিয়ে আধাৰশিলা স্থাপন কৰে । অনুষ্ঠানটোত প্ৰাক্তন শিক্ষা বিযয়া ৰমেশ চুতীয়াকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে । উল্লেখ্য লখিমপুৰ নগৰৰ ত্যাগক্ষেত্রত ইতিমধ্যে বীৰভূমি নামেৰে চাওলুং চ্য়ুকাফা (Chaolung Sukapha statue in Lakhimpur), বীৰ চিলাৰায়, কমলা মিৰি আদিৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে । সদৌ অসম কৈৱৰ্ত যুৱ ছাত্র সন্থাৰ কেন্দ্রীয় সম্পাদক গৌকিশংকৰ দাসে উল্লেখ কৰা মতে, এই প্ৰতিমূৰ্তিটো দহ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা হ'ব ।
লগতে পঢ়ক:Punjab police Manhunt operation: ৱাৰিছ পঞ্জাৱ ডেৰ মুৰব্বী অমৃতপাল সিঙক পলাতক ঘোষণা
TAGGED:
foundation stone