MPNA in Dhemaji: কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱ নেপেলায়; প্ৰদান বৰুৱা - কৰ্ণাটকৰ ফলাফলে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰভাৱ নেপেলায়
ধেমাজি, ১৩ মে':ধেমাজি বিধানসভা সমষ্টিৰ মাছখোৱাত শনিবাৰে মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ ২০২২-২৩ৰ (MPNA) অধীনত মাছখোৱা অঞ্চলত কেইবাটাও পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই ৷ মাছখোৱা পি ডব্লিউ ডিৰ পৰা চাপৰিচুক হৈ ভাতিচুকলৈ ০.৮৯৭ কি:মি: পথৰ আধাৰশিলা স্থাপন কৰে (Foundation stone of road in Dhemaji) ৷ তদুপৰি তেওঁ মাছখোৱা ঘিনাই চাপৰি ,দীঘল গড়া ,শলমৰা যোৰকটাৰ উৰিয়ামগুৰি আৰু চিচিলৈ পথৰ আধাৰশিলা স্থাপন কৰে ৷
ইয়াৰ পিচতে পথ নিৰ্মাণৰ শুভাৰম্ভনী অনুষ্ঠানত ৰাইজক উদ্দেশ্য পিএমএ ৱাই আৰু অৰুণোদয় আচঁনিৰ সুবিধা ল'বলৈ আহ্বান জনায় ৷ বিগত দহ বছৰ পুৰণি পথসমূহ চৰকাৰে পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিছে বুলি তেওঁ কয় ৷ সাংসদ প্ৰদান বৰুৱাই এই পথসমূহ নিৰ্মাণ হ'লে যোগাযোগৰ ক্ষেত্ৰত সমষ্টিবাসীয়ে যথেষ্ট সকাহ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷
আজি দিনটোত ধেমাজি ১১৩নং বিধান সভাৰ সমষ্টিত মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ ২০২২-২৩ ৰ অধীনত ১৬টা পথৰ আধাৰশিলা স্থাপন কৰে ৷ ইপিনে, কৰ্ণাটকৰ নিৰ্বাচনৰ ফলাফলে অসমত অথবা ৰাষ্ট্ৰীয় ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায় বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷
লগতে পঢ়ক:Students teachers protest : কেইবাটাও দাবীৰে জোনাই অপ্ৰাদেশীকৃত শিক্ষক সংস্থাৰ প্ৰতিবাদী কাৰ্যসূচী