অসম

assam

ৰঙিয়াত শীঘ্ৰে নিৰ্মাণ হ’ব শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহ

ETV Bharat / videos

Auditorium at Rangia: ৰঙিয়াত শীঘ্ৰে নিৰ্মাণ হ’ব শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহ - শীঘ্ৰে নিৰ্মাণ হ’ব শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহ

By

Published : May 13, 2023, 6:58 AM IST

ৰঙিয়া, 13 মে’ :ৰঙিয়াত শুকুৰবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহৰ ভূমি পূজা সম্পন্ন কৰি আধাৰশিলা স্থাপন কৰা হয় । আধাৰশিলা স্থাপন কৰে ৰঙিয়াৰ বিধায়ক তথা ৰাজ‍্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । ৰঙিয়াৰ সাত নম্বৰ ৱাৰ্ডত নিৰ্মাণ হ’বলগীয়া 600 আসনযুক্ত শীত তাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহটো তিনি কোটি টকা ব‍্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে (Auditorium will be at Rangia)। 

বিধায়কগৰাকীয়ে ঠিকাদাৰক আগন্তুক বছৰটোৰ ভিতৰতে প্ৰেক্ষাগৃহটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে । আধাৰশিলা স্থাপনৰ বাবে আয়োজন কৰা সভাখনত উপস্থিত ৰাইজক উদ্দেশ্যি বিজেপিৰ নেতাগৰাকীয়ে নিৰ্মাণ হ’বলগীয়া প্ৰেক্ষাগৃহটোৰ পৰা স্থানীয় ৰাইজৰ লগতে ৰঙিয়াবাসী যথেষ্ট উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে । ইয়াৰোপৰি এই প্ৰেক্ষাগৃহটোৱে অঞ্চলটোৰো যথেষ্ট উন্নতি সাধন কৰিব বুলিও আশা প্ৰকাশ কৰে বিধায়ক ভৱেশ কলিতাই (President Bhabesh kalita at Rangia) ।

লগতে পঢ়ক :Congress slams BJP: হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বাকী আৰু ফাঁকিৰ চৰকাৰ আখ্যা কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details