Foundation laying programme: জাঁজীমুখ-কটাৰীখামৰ পথ আৰু কৃষিবান্ধ নিৰ্মাণৰ আধাৰশিলা স্থাপন - মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত
জাঁজীমুখ পাৰঘাটৰ পৰা কটাৰীখাম গড়লৈ পথ আৰু কৃষিবান্ধ নিৰ্মাণৰ আধাৰশিলা স্থাপন(foundation laying programme in Janimukh) ৷ মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ(Mahatma Gandhi National Rural Employment) অধীনত শুকুৰবাৰে পথ আৰু কৃষিবান্ধ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰনৱ কুমাৰ বৰাই ৷
আধাৰশিলা স্থাপনৰ পিছতেই আয়োজন কৰা হয় এখন সভা ৷ জাজীমুখ গাঁও পঞ্চায়তৰ সভাপতি নগেন পেগুৱে সভাপতিত্ব কৰা এই সভাত টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া,বিজেপি কলিয়াপানী মণ্ডলৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাতুল বৰা, প্ৰাক্তন সভাপতি দীপক শইকীয়া, কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভাপতি পূণ্য কোচ, কলিয়াপানী উন্নয়ন খণ্ডৰ অভিজন্তা আব্দুল মবিনকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে ৷