অসম

assam

By

Published : Jan 29, 2023, 7:24 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / videos

Foundation day of VDP at Moran: মৰাণত গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস পালন

মৰাণ,২৯ জানুৱাৰী:ৰাজ্যত শান্তি প্ৰতিষ্ঠা আৰু জনসাধাৰণৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সৈতে বিশেষ সহযোগিতা কৰাৰ উদ্দেশ্যে গঠন কৰা হৈছিল গাঁওৰক্ষী বাহিনী । ১৯৪৯ চনত গঠন কৰা হৈছিল অসম গাওঁৰক্ষী বাহিনী । সাধাৰণ লোকৰ সৈতে আৰক্ষীৰ সহযোগিতা বৃদ্ধি আৰু দুৰ্গম গ্ৰামাঞ্চল সমূহত অপৰাধ নিয়ন্ত্ৰণৰ উদ্দেশ্যে হৰিনাৰায়ণ বৰুৱাই ৭৪ বছৰ পূৰ্বে গঠন কৰিছিল গাওঁৰক্ষী বাহিনী নামৰ সংগঠনটো(Foundation day of VDP observed at Moran) ৷ 

৭৪ বছৰ পূৰ্বে গঠন হোৱা গাওঁৰক্ষী বাহিনীয়ে প্ৰতিখন গাঁৱত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে(Foundation day of VDP at Moran ) । এই গাঁওৰক্ষী বাহিনী প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠাপক প্ৰয়াত হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিমূৰ্তি আজি মৰাণ আৰক্ষী থানাৰ চৌহদত উদ্বোধন কৰা হয় । ৰাজ্যখনৰ ভিতৰতে প্ৰথমবাৰলৈ মৰাণত স্থাপন কৰা হৈছে গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠাপক হৰিনাৰায়ণ বৰুৱাৰ প্ৰতিমূৰ্তি(Statue of VDP founder Harinarayan Baruah) । ৰাইজৰ উপস্থিতিত আজি আনুষ্ঠানিক ভাৱে প্ৰতিমূৰ্তিটো উদ্বোধন কৰে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক তিলক দাসে । গাঁওৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, আৰক্ষী চক্ৰ পৰিদৰ্শকৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । 

লগতে পঢ়ক:Model Anganwadi Centre : ডিমা হাছাওত মুকলি ৩ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details