অসম

assam

Sankar Sangh programme : মাজুলীত শংকৰ সংঘৰ সভাত সত্ৰাধিকাৰক সমালোচনা বিধায়ক ভূৱন গামৰ

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 2:34 PM IST

মাজুলীত শংকৰ সংঘৰ সভাত বিধায়ক ভূৱন গাম

মাজুলী, 10 অক্টোবৰ: মাজুলীত অনুষ্ঠিত হোৱা শংকৰ সংঘৰ সেৱা বাহিনীৰ প্ৰতিষ্ঠা দিৱসত বিশিষ্ঠ অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ভূৱন গাম ৷ অনুষ্ঠানটিত উপস্থিত থাকি বিধায়কগৰাকীয়ে কয়, "যি অসমত শংকৰদেৱ গুৰুজনাৰ জন্ম হৈছিল, তেওঁ সকলো জাতি ধৰ্মৰ লোকক লগত লৈ আগবাঢ়িছিল । সেই অসমত আগতে সত্ৰত ৰাস উপভোগ কৰিবলৈ যোৱা মাজুলীৰ মিচিং লোকসকলে 1 কিলোমিটাৰ দূৰত চেণ্ডেল খুলি যাবলগীয়া হৈছিল । লগতে বহু দূৰৰ পৰা নিয়ৰত তিতি ৰাস অনুষ্ঠান চাবলগীয়া হৈছিল । সেই ভেদাভেদসমূহ কেৱল শংকৰ সংঘই দূৰ কৰিছে ।" 

ভূৱন গামৰ এই মন্তব্যৰ পাচতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই মন্তব্য প্ৰকাশ কৰি কয় মাজুলীত মিচিংসকলে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে, কৰিবই কিয়নো ইমান অত্যাচাৰ সহি কোনো নাথাকে । শংকৰ সংঘই সকলো জাতি জনগোষ্ঠীক লগত লৈ আগবাঢ়িছে ।

সেৱা বাহিনীৰ এই কাৰ্যসূচীত 34 খন জিলাৰ প্ৰায় পাঁচ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Durga puja preparation 2023 : হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শনস্থলী ঐতিহাসিক জ্ঞানদায়িনী দুৰ্গা পূজাৰ ব্যাপক প্ৰস্ততি

ABOUT THE AUTHOR

...view details