NCHAC foundation day: উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন - Customary Law
হাফলং, ২৯ এপ্ৰিল: হাফলং পুথিভঁৰাল প্ৰেক্ষাগৃহত শনিবাৰে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ 72 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজি প্ৰথমতে এখন কাষ্টমাৰি আদালত ভৱনৰ আধাৰশিলা স্থাপন কৰে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই । ইয়াৰ পিচতে তেওঁ কলেজৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে দুখন বাছৰ ফ্লেগ অৱ কৰে (Foundation Day of NCHAC)।
হাফলং পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাসভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচা । আনহাতে, সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ ৰানু লাংথাচা, পাৰ্বত্য পৰিষদৰ প্ৰধান সচিব টি টি দাওলাগাপু, পাৰ্বত্য পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য আৰু পৰিষদ সদস্য (North Cachar Hills Autonomous Council) ।
প্ৰথমতে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ সূচনা কৰে দেবলাল গাৰ্লচাই । এই অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই পাৰ্বত্য জিলাৰ উন্নয়নৰ খতিয়ান তুলি ধৰি কয় যে, অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত জনজাতীয় লোকসকলৰ বাবে নিজৰ কাষ্টমাৰি তথা প্ৰথাগত আইন আছে আৰু ভাৰতীয় সংবিধানত এই কাষ্টমাৰি আইনৰ প্ৰচলনৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদত কাষ্টমাৰি আদালতত ন্যায়িক দণ্ডাধীশ আছে । জন জাতীয় লোক সকলে এই কাষ্টমাৰী আদালতত সামাজিক সমস্যা পাৰিবাৰিক সমস্যা আদিকে ধৰি বিভিন্ন সমস্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ বাবে এই কাষ্টমাৰি আদালতত গোচৰ তৰিব পাৰে ৷
ইয়াৰ উপৰি ডিমা হাছাও জিলাৰ গাওঁবুঢ়া সকলৰ দৰমহা তিনি হাজাৰ টকা কৰা হৈছে বুলিও তেওঁ ঘোষণা কৰে । তেওঁ কয় যে, আগতে এই গাওঁবুঢ়া সকলৰ দৰমহা আছিল 75 টকা ৷ কিন্তু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদত বিজেপিয়ে ক্ষমতা দখল কৰাৰ পিচতে প্ৰথমবাৰ গাঁওবুঢ়া সকলৰ দৰমহা 75 টকাৰ পৰা 1500 টকা কৰা হৈছিল । এতিয়া দৰমহা বৃদ্ধি কৰি 3 হাজাৰ টকা কৰা হ’ব বুলি ঘোষণা কৰে মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লচাই ।
লগতে পঢ়ক:Illegal taxi stand: এগৰাকী যান বাহন আৰক্ষী বিষয়াৰ মইমতালিৰ বাবে বিপাঙত পৰিছে মঙলদৈ চহৰৰ টেক্সী চালক