Foundation Day of Jagrit Nari Shakti Samiti: জাগৃত নাৰী শক্তি সমিতিৰ প্ৰতিষ্ঠা দিৱসত বিশিষ্ট মহিলাক সম্বৰ্ধনা - জাগৃত নাৰী শক্তি সমিতি
Published : Sep 16, 2023, 1:00 PM IST
লখিমপুৰ, ১৬ ছেপ্টেম্বৰ:জাগৃত নাৰী শক্তি সমিতিৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে পালন কৰা হয় । ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত এক অনুষ্ঠানত পাঁচ গৰাকী বিশিষ্ট মহিলাক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । জাগৃত নাৰী শক্তি সমিতিৰ লখিমপুৰ ধেমাজি জিলা সমিতিৰ কালি তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় । গতানুগতিক ব্যয়বহুল কাৰ্যসূচীৰ বিপৰীতে তেওঁলোকে শিক্ষা, সাহিত্য, আইন-শৃংখলা আদি ক্ষেত্রত দক্ষতাৰে কাম কৰি থকা মহিলা সকলক সম্বৰ্ধনা জনাই অনুপ্ৰাণিত কৰে ।
সমিতিয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰথমে অৱসৰী শিক্ষয়িত্ৰী সাহিত্যিক, ঔপন্যাসিক ধনদা দেবীক এখন গামোচা, প্ৰশস্তি পত্ৰ, গছ পুলি আদিৰে সম্বৰ্ধনা জনায় । পৰৱৰ্ত্তী সময়ত লখিমপুৰ বি এড কলেজৰ অধ্যাপিকা ৰূপালী গোস্বামী, লেখিকা প্ৰণীতা বৰদলৈ, চৰৈৱতী আলোচনীৰ সম্পাদিকা কল্যাণী চক্রৱৰ্তী গগৈ, আৰক্ষী বিষয়া ছাহনাজ য়াছমিন আদিকো সম্বৰ্ধনা জনায় । এই কাৰ্যসূচীত জাগৃত নাৰী শক্তি সমিতিৰ সম্পাদিকা মানসী ৰাজখোৱাসহ কেইবাগৰাকী সদস্যাই অংশগ্রহণ কৰে ।
লগতে পঢ়ক:Tirobhav Tithi of Srimanta Sankardeva 2023: বৰপেটা সত্ৰত পালন মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱ তিথি