অসম

assam

বি এছ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সংবাদমেল

ETV Bharat / videos

এবছৰত বিএছএফৰ ১২ কোটি টকাৰ নিষিদ্ধ সামগ্ৰী জব্দ

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 4:25 PM IST

মিৰ্জা, ১ ডিচেম্বৰ : বি এছ এফ গুৱাহাটী সীমান্তত আৰম্ভ হোৱাৰ পৰাই ভাৰত-বাংলাদেশ সীমান্তত প্ৰত্যাহ্বানৰ মাজেৰে পহৰা দিয়াৰ লগতে সীমান্তবাসীক সুৰক্ষা প্ৰদান কৰি আহিছে । পশ্চিম বংগ আৰু অসমৰ অতি প্ৰত্যাহ্বানমূলক আৰু জটিল ভাৰত-বাংলাদেশ সীমান্তত বাংলাদেশৰ কাষেৰে ৫০৯ কিলোমিটাৰ দায়িত্বৰ এলেকাত পহৰা দিয়াৰ দায়িত্ব অৰ্পন কৰা হৈছে বি এছ এফক । এই এলেকাত ৯১.৭২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ নদী পাৰৰ সীমান্ত অন্তৰ্ভুক্ত হৈছে । বি এছ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বৃহস্পতিবাৰে আজাৰাস্থিত বি এছ এফৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত এই বিষয়ে সদৰী কৰিছে  বি এছ এফৰ বিষয়াসকলে ।

বি এছ এফৰ বিষয়াসকলে পুনৰ উল্লেখ কৰে যে ভাৰত-বাংলাদেশ সীমান্তত আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষিত কৰিবলৈ এটা জল শাখাকে ধৰি ৩টা খণ্ডৰ অধীনত ১১টা বি এছ এফ বেটেলিয়ন নিয়োগ কৰা হৈছে । চলিত বৰ্ষৰ ভিতৰত গুৱাহাটী সীমান্তৰ সীমা প্ৰহৰীয়ে সীমা অতিক্ৰম কৰি হোৱা অপৰাধ কাৰ্যকৰীভাৱে নিৰীক্ষণ আৰু প্ৰতিৰোধ কৰিছে । লগতে সীমান্তত বৃহৎ সংখ্যক চোৰাংচোৱা, দুষ্কৃতিকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে  বুলি তেওঁলোকে কয় ।  

বি এছ এফে যোৱা এবছৰৰ ভিতৰত  ১২ কোটি টকাৰ গৰুৰ উপৰি ফেঞ্চিডাইল, সোণ, বিভিন্ন নিচাযুক্ত টেবলেট, গাঞ্জা, ড্ৰাগছ আৰু অন্যান্য নিষিদ্ধ সামগ্ৰী জব্দ কৰিছে । ইয়াৰ ভিতৰত আছে গৰু ৫,৬৯৫ টা, ফেঞ্চিডাইল ২৭,১৬৫ বটল, গাঞ্জা ২,৮০৪ কেজি, সোণ ১৫১৬.৯৬৫ গ্ৰাম, য়াবা টেবলেট ৪০,২০২ টা,সুৰাৰ ৫,৭৮৫ বটল । উল্লেখ্য যে বৃহস্পতিবাৰে বি এছ এফৰ ৫৯ সংখ্যাক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ।

লগতে পঢ়ক:বৰপেটাৰোডৰ গণকপাৰা ৰিজাৰ্ভত ধানৰ ডাঙৰি পথাৰতে জ্বলাই দিলে দুৰ্বৃত্তই

ABOUT THE AUTHOR

...view details