অসম

assam

AJYP Foundation day: ডিব্ৰুগড়ত AJYP ৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন

By

Published : Jul 25, 2022, 10:11 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

ডিব্ৰুগড়ত উলহে মালহে অনুষ্ঠিত কৰা হয় অসম জাতীয়তাবাদী যুৱ পৰিষদৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস (Foundation day of AJYP celebrated in Dibrugarh)৷ সোমবাৰে চহৰখনৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত আয়োজন কৰা হয় প্ৰতিষ্ঠা দিৱস ৷ এই প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মা । পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে কলকাতাত অৱস্থিত চাহ শিল্পৰ আটাইকেইখন কাৰ্যালয় অসমলৈ স্থানান্তৰ কৰাৰ দাবী উত্থাপন কৰে (AJYP Foundation Day) ৷ অসমৰ চাহ শিল্পক উজ্জীৱিত কৰি অৰ্থনৈতিকভাৱে অসমক আগুৱাই নিয়াৰ স্বাৰ্থত কলিকতাৰ পৰা অসমলৈ কাৰ্যালয়কেইটা স্থানান্তৰৰ ব্যৱস্থা কৰি নিবনুৱা সংস্থাপন কৰিবলৈ দাবী জনায় ৷ অসমৰ ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে অসম জাতীয়তাবাদী যুৱ পৰিষদে জন্মলগ্নৰে কাম কৰি আহিছে বুলি উল্লেখ কৰে গগৈয়ে ৷ এই অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ মুখপত্ৰ 'অসমীয়া' উন্মোচন কৰে ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি প্ৰৱীৰ কুমাৰ চক্ৰৱৰ্তীয়ে ৷
Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

...view details