অসম

assam

প্ৰাক্তন সাংসদ ড৹ৰামবিলাস দাস বেদান্তি মহাৰাজ

ETV Bharat / videos

Mission Modi PM Again: বৰপেটা সত্ৰত ৰামবিলাস দাস বেদান্তি মহাৰাজ - Former MP Ramvilas Das Vedanti Maharaj

By

Published : May 10, 2023, 9:15 PM IST

বৰপেটা, ১০ মেঃ'২৪ৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠনৰ সংকল্পৰে দেশজোৰা প্ৰচাৰৰ উদ্দেশ্যে বৰপেটা সত্ৰত উপস্থিত “ৰাষ্ট্ৰীয় সুৰক্ষা মিছন ভাৰত”ৰ ৰাষ্ট্ৰীয় সভাপতি তথা প্ৰাক্তন সাংসদ ড৹ ৰামবিলাস দাস বেদান্তি মহাৰাজ (Former MP Ramvilas Das Vedanti Maharaj) ৷ অসম তথা উত্তৰ-পূবৰ বিভিন্ন ধর্মীয় স্থান ভ্ৰমণ কৰি বুধবাৰে বৰপেটা সত্ৰত উপস্থিত হোৱা ৰাম জন্মভূমি নিৰ্মাণেৰে জৰিত ড৹ ৰামবিলাস দাস বেদান্তি মহাৰাজৰ নেতৃত্বত এটা দলে বৰপেটা সত্ৰ দৰ্শন কৰি '২৪ৰ নিৰ্বাচনত চাৰি শতাধিক আসন লাভেৰে কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠনৰ উদ্দেশ্যে দেশজুৰি প্ৰচাৰ অভিযান চলাই থকাৰ কথা উল্লেখ কৰে (National Security Mission India) ৷

উচ্চ-নীচ, জাতি-ধৰ্ম, সম্প্ৰদায়ৰ উৰ্ধলৈ গৈ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত পুনৰ কেন্দ্ৰত চৰকাৰ গঠনৰ বাবে দেশবাসীলৈ আহ্বান জনায় ড৹ ৰামবিলাস দাস বেদান্তি মহাৰাজে  ৷ তেওঁ বৰপেটা সত্ৰ দৰ্শনৰ সময়ত সত্ৰ সমিতিৰ লগতে বৰপেটাবাসীৰ সৈতে এখন সভাতো মিলিত হয় (Barpeta Satra) ৷

লগতে পঢ়ক:Madhabdev Kalakshetra inaugurates: ৰাইজৰ বাবে মুকলি হ'ল মাধৱদেৱ কলাক্ষেত্ৰ

ABOUT THE AUTHOR

...view details