অসম

assam

ETV Bharat / videos

Zaiba Reang body recovered : গভীৰ অৰণ্যত প্ৰাক্তন উগ্ৰপন্থী নেতা জাইবাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ - Militant leader Zaiba Reang death

🎬 Watch Now: Feature Video

গভীৰ অৰণ্যত প্ৰাক্তন উগ্ৰপন্থী নেতাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

By

Published : Apr 2, 2023, 10:49 PM IST

কৰিমগঞ্জ, 2 এপ্ৰিল: কৰিমগঞ্জৰ পূব ধলাইৰ গভীৰ অৰণ্যৰ পৰা প্ৰাক্তন উগ্ৰপন্থী নেতাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ (Former Militant leader Zaiba Reang body recovered ) ৷ নিৰুদ্দেশ হোৱাৰ ৮ দিনৰ পাচত আৰক্ষীয়ে পূব ধলাইৰ গভীৰ অৰণ্যৰ পৰা উদ্ধাৰ কৰে প্ৰাক্তন উগ্ৰপন্থী নেতা জাইবা ৰিয়াঙৰ উৱলি যোৱা মৃতদেহ ৷ দেওবাৰে দণ্ডাধীশ বিকাশ ছেত্ৰীৰ উপস্থিতিত আৰক্ষীয়ে পূব ধলাইৰ আনন্দখালৰ সমীপৰ হৰহৰিখালৰ গভীৰ অৰণ্যৰ পৰা জাইবা ৰিয়াঙৰ মৃতদেহ উদ্ধাৰ কৰে (Zaiba Reang body recovered)৷  

উল্লেখ্য যে, ২৪ মাৰ্চৰ সন্ধিয়া ৪ বজাত কলৰ থোক আনিবলৈ গৈ পাহাৰত  নিৰুদ্দেশ হৈছিল নেতাগৰাকী (Militant leader Zaiba Reang death) ৷ পূৱ ধলাইৰ মনিয়াৰখালৰ হাতীখল ৰিয়াং পুঞ্জীৰ উপেন্দ্ৰ ৰিয়াঙৰ পুত্ৰ জাইবা ৰিয়াং ৷ দুবছৰৰ পূৰ্বে "ব্ৰু ৰিভলিউচনেৰী আৰ্মি অৱ ইউনিয়ন" নামৰ উগ্ৰপন্থী সংগঠনটোৰ মুৰব্বী ৰাজেশ চাৰ্কিৰ সৈতে জাইবাইয়ে আত্মসমৰ্পণ কৰিছিল ৷ প্ৰাক্তন উগ্ৰপন্থী নেতাগৰাকীক হত্যা কৰা বুলি আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক:Weaving Training Workshop; বিহুত প্ৰতিটো পৰিয়ালকে ক্ৰয় কৰক এখনকৈ থলুৱা গামোচা : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details