Foresters injured in Rhino attack: গঁড়ৰ আক্ৰমণত আহত ডি এফ অ'-বনকৰ্মী - গড় আক্ৰমণত আহত বনকৰ্মী
যোৰহাট, ৩ ফেব্ৰুৱাৰী:গোলাঘাট জিলাৰ দক্ষিণ হেঙ্গেৰাৰ মহিমাবাৰী চাহ বাগিচাত অঘটন ৷ চাহ বাগিচাখনত গঁড়ৰ আক্ৰমণত গুৰুতভাৱে আহত হয় দুজন বন কৰ্মচাৰী ৷ আহক বন কৰ্মচাৰী দুজন তিতাবৰ মৰিয়নি ৰেঞ্জৰ বন বিভাগৰ কৰ্মচাৰী দিগন্ত হাজৰিকা আৰু গোলাঘাটৰ DFO সুশীল ঠাকুৰীয়া বুলি জানিব পৰা হৈছে(DFO injured in Rhino attack) ৷
সম্প্ৰতি দুয়োকে যোৰহাট চিকিৎসা মহািদ্যালয়ত ভৰ্তি কৰা হৈছে । তেওঁলোক দুয়োজনে হাত-ভৰি লগতে বুকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে(Foresters injured in Rhino attack) । গঁড়টোৰ আক্ৰমণত এজন স্থানীয় লোকো আহত হৈছে বুলি জানিব পৰা হৈছে ৷ বিট অফিচাৰ বিকেন পেগুৱে জানিবলৈ দিয়া মতে, গোলাঘাট জিলাৰ দক্ষিণ হেঙ্গেৰাৰ মহিমাবাৰী চাহ বাগিচাত আজি এটা গঁড় প্ৰৱেশ কৰাৰ সম্ভেদ লাভ কৰিছিল বন বিভাগৰ লোকে ৷
লগে লগে বন বিভাগৰ এটা দল মহিমাবাৰী চাহ বাগিচালৈ ৰাওনা হয় ৷ বন বিভাগৰ দলটোৱে গঁড়টোক খেদিবলৈ চেষ্টা কৰা সময়তে গঁড়টোৱে হঠাতে আক্ৰমণ কৰে ৷ গঁড়টোৰ এই আক্ৰমণত দিগন্ত হাজৰিকা আৰু সুশীল ঠাকুৰীয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷
লগতে পঢ়ক:Foresters injured in Rhino attack: কাজিৰঙাত গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন