অসম

assam

ETV Bharat / videos

Timber Smuggling in Jokai RF : জকাই সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ দপদপনি - timber smuggling in Jakai forest reserve

By

Published : Jan 10, 2023, 6:48 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী অবাধ বন ধ্বংসৰ বিৰুদ্ধে কঠোৰ হোৱাৰ লগতে বনাঞ্চল বেদখলমুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰা সময়তে ডিব্ৰুগড়ৰ জকাই সংৰক্ষিত বনাঞ্চলত বন মাফিয়াই এফালৰ পৰা কৰি গৈছে বন ধ্বংস (forest mafia destroying Jokai Reserve Forest) । জকাই সংৰক্ষিত বনাঞ্চলত এটা বন বিষয়াৰ কাৰ্যালয় আছে যদিও বনাঞ্চলখন সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বন বিভাগ (Jokai Reserve Forest Dibrugarh) । ফলত জকাই সংৰক্ষিত বনাঞ্চলত বন মাফিয়াৰ অবাধ দপদপনি চলিছে । বনাঞ্চলখনৰ ভিতৰত দুৰ্বৃত্তই কাঠফলা মেচিন লৈ এফালৰ পৰা কাটি তহিলং কৰিছে বহু মূল্যৱান গছ । দেখিও নেদেখাৰ ভাৱত বন বিভাগ । চলিছে চোৰাং কাঠৰ অবাধ বেহা (timber smuggling in Jokai forest reserve) । ডিব্ৰুগড় জিলা বন সংমণ্ডলৰ অধীনৰ জকাই খণ্ড সংমণ্ডলৰ বন বিষয়াসকলৰ অকৰ্মণ্য়তা আৰু অৱহেলাৰ বাবেই এনেধৰণৰ কাৰ্য সংঘটিত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । এইদৰে বন মাফিয়াই বন ধ্বংস কৰি থাকিলে খুব কম দিনৰ ভিতৰতে জকাই সংৰক্ষিত বনাঞ্চলখন নিঃশেষ হোৱাৰ আশংকা কৰিছে সচেতন ৰাইজে । বন বিভাগৰ সৈতে মিতিৰালি কৰিয়েই বন মাফিয়াই মূল্যৱান গছ কটাৰো অভিযোগ ।
Last Updated : Feb 3, 2023, 8:38 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details