ভূৰবন্ধাত ত্ৰাসৰ সৃষ্টি কৰা বনৰীয়া ম’হক ট্ৰেংকুলাইজ বন বভাগৰ
Published : Dec 25, 2023, 9:07 PM IST
নগাঁও, 25 ডিচেম্বৰ :অৱশেষত ৰূপহীহাটৰ 2 নং ভূৰবন্ধাত আতংকৰ সৃষ্টি কৰা বনৰীয়া ম’হটোক বন বিভাগে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হ’ল ৷ বনৰীয়া ম’হটোক ট্ৰেংকুলাইজ কৰাৰ বিষয়ে জানিব পাৰি স্বস্তিৰ নিশ্বাস এৰিছে সমগ্ৰ গাঁওবাসীয়ে । বিগত প্ৰায় এটা মাহে আঘাতপ্ৰাপ্ত এটা বনৰীয়া ম’হে আতংকৰ সৃষ্টি কৰি আহিছিল সমগ্ৰ অঞ্চলটোত । আনকি দুজনকৈ লোকক বনৰীয়া ম’হটোৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছিল ।
ইফালে ভৰিত আঘাতপ্ৰাপ্ত হৈ আছিল ম’হটো ৷ যাৰ বাবেই যন্ত্ৰণাত চটফটাই থকা ম’হটোৱে আতংকৰ সৃষ্টি কৰিছিল লাওখোৱা অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত । অৱশেষত সোমবাৰে বন বিভাগৰ লোকে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় ম’হটোক ।
সম্প্ৰতি ট্ৰেংকুলাইজ কৰা আঘাতপ্ৰাপ্ত বনৰীয়া ম’হটোক বন বিভাগৰ লোকে চিৰিয়াখানাৰ অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰি থকা হৈছে । জানিব পৰা মতে, পূৰ্বৰ তুলনাত কিছু পৰিমাণে সুস্থ হৈ উঠিছে বনৰীয়া ম’হটো । আঘাতপ্ৰাপ্ত ম’হটোক বৰ্তমান বন বিভাগৰ নিৰীক্ষণত ৰাখি চিকিৎসা কৰি থকা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :চিৰাঙত টকা নিদিয়াৰ বাবেই চৰকাৰী ঘৰৰ পৰা বঞ্চিতৰ অভিযোগ