মহাবাহু বুকৱেদি কলিয়াবৰৰ শিলঘাটত উপস্থিত এঘাৰ পৰ্যটকৰ দল - অসম সমবায় মৰাপাট কল পৰিদৰ্শন
Published : Nov 17, 2023, 12:47 PM IST
কলিয়াবৰ, 17 নৱেম্বৰ :কান্ধত ঢোল, হাতত পেঁপা তুলি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আহি শিলঘাটত নাচনীক নচুৱালে বিদেশী পৰ্যটকৰ ঢুলীয়াই ৷ ঢোলৰ মাত শুনি ৰ’ৱ নোৱাৰিলে বিদেশী পৰ্যটকৰ নাচনীয়েও ৷ মুঠৰ ওপৰত আৱতৰীয়া বিহুৰ বা-ত নাচি উঠিল কলিয়াবৰৰ শিলঘাট ৷
উল্লেখ্য যে, বৃহস্পতিবাৰে বিয়লি এম ভি মহাবাহুৰে কলিয়াবৰত উপস্থিত হয় অষ্ট্ৰেলিয়া, কানাডা, ইংলেণ্ড, হংকং, চুইডেনৰ পৰা অহা এঘাৰজনীয়া এটা বিদেশী পৰ্যটকৰ দল । বিদেশী পৰ্যটকৰ দলটোৱে ব্ৰহ্মপুত্ৰৰ বুকুয়েদি আহি শিলঘাটত উপস্থিত হয় আৰু অসম সমবায় মৰাপাট কল পৰিদৰ্শন কৰে ।
পৰ্যটকৰ দলটোৱে কলিয়াবৰ চাহ বাগিচা পৰিদৰ্শন কৰি সেউজীয়া চাহৰ গছবোৰ দেখি অভিভূত হৈ পৰে ৷ আনকি বিদেশী পৰ্যটকৰ দলটোৰ দুগৰাকী মহিলাই মূৰত টুকুৰী লৈ চাহপাতো তোলা দেখিবলৈ পোৱা গ’ল ৷ এই পৰ্যটকৰ দলটোক আদৰণি জনোৱাৰ উদ্দেশ্যে স্থানীয় যুৱক-যুৱতীৰ দ্বাৰা বিহুনাচো প্ৰদৰ্শন কৰা হয় ৷
ইফালে বৃহস্পতিবাৰে বিয়লি কলিয়াবৰত উপস্থিত হোৱা এই দলটোৱে নিশাটো এম ভি মহাবাহুতে থাকে ৷ শুকুৰবাৰ অৰ্থাৎ আজি পুৱাই এই দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰে।
লগতে পঢ়ক :আলি আয়ে লৃগাঙত ৰাজ্যিক বন্ধৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ