অসম

assam

ETV Bharat / videos

মতিৰাম বৰাৰ সোঁৱৰণী ফুটবল টুৰ্ণামেন্টৰ চূড়ান্ত বিজয়ী দলবাৰী যুৱ কল্যাণ সংঘ - Morigaon News

🎬 Watch Now: Feature Video

মৰিগাঁৱত মতিৰাম বৰাৰ সোঁৱৰণী ফুটবল টুৰ্ণামেন্টৰ চূড়ান্ত খেল অনুষ্ঠিত

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 12:05 PM IST

মৰিগাঁও,৩১ ডিচেম্বৰ:মৰিগাঁও ক্ষীৰোদ বৰুৱাৰ ষ্টেডিয়ামত মৰিগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত ভাৰতৰ স্বাধীনতা যুঁজৰ সংগ্ৰামী মতিৰাম বৰাৰ সোঁৱৰণত অনুষ্ঠিত হোৱা ৪৯ সংখ্যক ফুটবল টুৰ্ণামেন্টৰ শনিবাৰে অনুষ্ঠিত হয় অন্তিম প্ৰতিযোগিতা । ফুটবল টুৰ্ণামেন্টখনত চূড়ান্ত বিজয়ী সন্মান লাভ কৰে দলবাৰী যুৱ কল্যাণ সংঘই । জাগীৰোড ক্ৰীড়া সন্থা আৰু দলবাৰী যুৱ কল্যাণ সংঘৰ মাজত অনুষ্ঠিত হোৱা তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখনত দৰ্শকৰ সহাঁৰি আছিল অভূতপূৰ্ব ৷  

দলবাৰী যুৱ কল্যাণ সংঘ‌ই ২-০ গ'লৰ ব্যৱধানত জাগীৰোড ক্ৰীড়া সন্থাক পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে । আনহাতে শ্ৰেষ্ঠ টুৰ্ণামেন্ট খেলুৱৈ বঁটা লাভ কৰে জাগীৰোড ক্ৰীড়া সন্থাৰ খেলুৱৈ বিনোদ বৰদলৈয়ে । চূড়ান্ত প্ৰতিযোগিতাখনত উপস্থিত থাকে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী । এনেধৰণৰ প্ৰতিযোগিতাসমূহে গাঁৱৰ সুপ্ত প্ৰতিভাসমূহক এখন মঞ্চ দিয়ে বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে । 

লগতে পঢ়ক:অসম আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতাত নীলকমল সেনৰ স্বৰ্ণ জয়

ABOUT THE AUTHOR

...view details