অসম

assam

নকছাৰীত মাহ-প্ৰসাদত বিষক্ৰিয়া

ETV Bharat / videos

Food poisoning in Jorhat: মৰিয়নিত প্ৰসাদ খাই অসুস্থ ডেৰ শতাধিক লোক

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 2:19 PM IST

যোৰহাট, ২৮ আগষ্ট:যোৰহাট জিলাৰ মৰিয়নিৰ নকছাৰীত মাহ-প্ৰসাদত বিষক্ৰিয়া হৈ ডেৰ শতাধিক লোক চিকিৎসাধীন হ'বলগীয়া হৈছে । মৰিয়নিৰ নকছাৰী দৰকিয়াল গাঁৱৰ প্ৰণৱ গগৈ নামৰ এজন লোকৰ নৱ নিৰ্মিত গৃহত প্ৰৱেশৰ বাবে দেওবাৰে নিশা আয়োজন কৰা হৈছিল এক মাংগলিক অনুষ্ঠানৰ । এই মাংগলিক অনুষ্ঠানৰ বাবে শতাধিক লোক একত্ৰিত হৈ নিশা মাংগলিক অনুষ্ঠানত প্ৰসাদ গ্ৰহণ কৰে । এই প্ৰসাদ গ্ৰহণ কৰাৰ কেইমুহূৰ্তত মানৰ পিছতেই শৌচ,বমি হ'বলৈ ধৰে ।

ইয়াৰ পিচতে মাহ-প্ৰসাদ খাই আক্ৰান্ত লোকসকলক নকচাৰী আৰ্দশ চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় । এই ঘটনা সংঘটিত হোৱাৰ পিছতেই নকছাৰী অঞ্চলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় । ইপিনে, প্ৰণৱ গগৈৰ বাসগৃহত হোৱা মাংগলিক অনুষ্ঠানৰ বাবে অনা মাহ-প্ৰসাদৰ গুণাগুণ পৰীক্ষাৰ বাবে ঘটনাস্থলীত বিভাগীয় লোক উপস্থিত হয় । 

লগতে পঢ়ক:Clash at ISBT Guwahati: বাছ চালকক প্ৰহাৰ উদণ্ড ছাত্ৰৰ; ন্যায় নোপোৱালৈকে নুঘূৰে বাছৰ চকা !

ABOUT THE AUTHOR

...view details