অসম

assam

শিক্ষাৰ্থীৰ উদেশ্যে ভাৰতীয় খাদ্য নিগমৰ বিশেষ সজাগতা অনুষ্ঠান

ETV Bharat / videos

FCI Awareness Program: শিক্ষাৰ্থীৰ উদেশ্যে ভাৰতীয় খাদ্য নিগমৰ বিশেষ সজাগতা অনুষ্ঠান - Food Corporation of India awareness Program

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:13 AM IST

গুৱাহাটী,13 ছেপ্টেম্বৰ : মহানগৰীৰ নিউ গুৱাহাটীস্থিত ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ত বুধবাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক বিশেষ সজাগতা অনুষ্ঠান অনুষ্ঠিত হয় । ভাৰতীয় খাদ্য নিগমলৈ কিদৰে বহিঃৰাজ্যৰ পৰা খাদ্য সমগ্ৰী আহে, কিদৰে শ্ৰমিকে মালবাহী ৰে’লৰ পৰা চাউল, ঘেহুৰ বস্তাসমূহ লোডিং আন লোডিং কৰি পুনৰ আন আন প্ৰান্তলৈ কিদৰে ট্ৰাকৰ মাধ্যমৰে প্ৰেৰণ কৰে সেই সম্পৰ্কে উপস্থিত ছাত্ৰ-ছাত্ৰীক অৱগত কৰে । 

তাদুপৰিও বহিঃৰাজ্যৰ পৰা অহা চাউলসমূহ খাদ্যৰ বাবে উপযোগী হয় নে নহয় তাক বিভিন্ন পদ্ধতিৰে পৰীক্ষা নিৰীক্ষা কৰাৰ লগতে মজুত ৰখা চাউল আৰু ঘেহুৰ বস্তাসমূহত যাতে কীট-পতংগ নহয় সেই বাবে কিদৰে কীটনাশক স্প্রে’ কৰা হয় সেই বিষয়েও ছাত্ৰ-ছাত্ৰীক খাদ্য নিগমৰ বিষয়া কৰ্মচাৰী সকলে দেখুওৱাই । ভাৰতীয় খাদ্য নিগমৰ  এই সজাগতামূলক অনুষ্ঠানত বামুণীমৈদামস্থিত সাৰ্বজনিক হিন্দী এম ই স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে । সজাগতামূলক অনুষ্ঠানত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে ভাৰতীয় খাদ্য নিগমৰ ফালৰ পৰা উপহাৰৰ সামগ্ৰী প্ৰদান কৰা হয় । 

লগতে পঢ়ক:Assam Assembly: শাসক বিৰোধীৰ বিভিন্ন বাক-বিতণ্ডাৰ‌ মাজেৰে সমাপ্ত তৃতীয় দিনৰ বিধানসভাৰ অধিৱেশন; পৰিবহন বিভাগৰ উদ্বেগজনক তথ্য পোহৰলৈ

ABOUT THE AUTHOR

...view details