অসম

assam

Making folk instruments for Bihu: বিহুলৈ বুলি ঢকুৱাখনাৰ লাটুমনি বৰুৱাই সাজি উলিয়ালে চাৰি হাজাৰ গগনা

By

Published : Apr 2, 2023, 10:19 PM IST

ঢকুৱাখনাৰ লাটুমনি বৰুৱা সাজি উলিয়ালে চাৰি হাজাৰ গগনা

ঢকুৱাখনা,২ এপ্ৰিল: হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন । ঢোল-পেঁপাৰ মাতে গুঞ্জৰিত ৰাজ্যৰ আকাশ-বতাহ । ব্যস্ততাৰ অন্ত নাই কৃষিজীৱি অসমীয়াৰ মাজত । সমানে ব্যস্ত হৈ পৰিছে লোকবাদ্য নিৰ্মাণ কৰা থলুৱা শিল্পীসকল (Rangali Bihu preparation) । ৰঙালী বিহু জীপাল কৰিবলৈ ঢোল, পেঁপা আদি বাদ্যযন্ত্ৰত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে লোকবাদ্য নিৰ্মাণ কৰা শিল্পীসকল (Making folk instruments for Bihu)।

লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ নেওগঘুলিৰ লাটুমনি বৰুৱা নামৰ থলুৱা শিল্পীগৰাকীও এতিয়া ব্যস্ত এটি বিশেষ কামত (Folk Artist Latumoni Baruah is busy making folk instruments) । ঢুলীয়া তথা সাংস্কৃতিক কৰ্মী লাটুমনি বৰুৱাই প্ৰতি বছৰে মাঘ বিহুৰ সময়ৰে পৰা বহাগ বিহুলৈ ব্যস্ত হৈ পৰে পেঁপা, গগনা, ঢোলৰ মাৰি, কাকৈ বনোৱা কামত (Making of bihu instruments) । বিগত ১৫ বছৰে এইগৰাকী থলুৱা শিল্পীয়ে পেঁপা, গগনা, ঢোলৰ মাৰি, কাকৈ বনাই বিহুৰ এই বাদ্যসমূহ বজাৰত বিক্ৰী কৰি আৰ্থিকভাৱে লাভাৱান্বিত হোৱাৰ লগতে নতুন প্ৰজন্মৰ শিল্পীসকলকো উৎসাহিত কৰি আহিছে (Bihu instruments pepa gogona) ।  

সম্প্ৰতি বিহুৱা-বিহুৱতীৰ বাবে ৰামধন-লাহৰী গগনা প্ৰস্তুতত ব্যস্ত হৈ পৰিছে লাটুমনি । এইজন থলুৱা শিল্পীয়ে সাজি উলিওৱা লাহৰী, ৰামধন গগনাৰ সমান্তৰালকৈ মহৰ শিঙৰ পেঁপাই ঢকুৱাখনাৰ লগতে দাঁতি কাষৰীয়া মাজুলী, ধেমাজি আদিৰ গ্ৰাহকৰ সমাদৰ লাভ কৰি আহিছে (Pepa gogona for Rangali Bihu) । দৈনিক ২০-২৫ টা লৈকে শিল্পীজনে সাজি উলিয়ায় গগনা । প্ৰতিটো বিহুৰ বতৰত লাটুমনিয়ে চাৰি হাজাৰ বিভিন্ন গগনা বিক্ৰী কৰে ।  

বিভিন্ন ঠাইৰ ব্যৱসায়ীসকলে পাইকাৰী দৰত লাটুমনিৰ পৰা এই বাদ্যবোৰ নি ব্যৱসায় কৰাৰ লগতে পেঁপা, গগনা ক্ৰয় কৰিবলৈ আহে বিভিন্ন প্ৰান্তৰ বিহুৱাসকলো । লাটুমনি বৰুৱাৰ সৃষ্টিৰাজিৰ জড়িয়তে অসমীয়া সংস্কৃতিৰ ভঁড়াল চহকী কৰাৰ লগতে নৱপ্ৰজন্মৰ মাজত থলুৱা লোকবাদ্যৰ প্ৰতি আগ্ৰহ বঢ়াই তোলাত বিশেষ অৰিহণা যোগাইছে । নতুন প্ৰজন্মৰ বাবে নিশ্চয় এক আদৰ্শ হ'ব পাৰে এইগৰাকী লোকশিল্পী লাটুমনি বৰুৱা । 

লগতে পঢ়ক:Tezpur bihu dance workshop : তেজপুৰৰ বিহুনাচ কৰ্মশালাত মন্ত্ৰী পীযুষ হাজৰীকা

ABOUT THE AUTHOR

...view details