অসম

assam

By

Published : Jan 17, 2023, 6:22 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / videos

Shilpi Pension 2023 : শিল্পী পেঞ্চনৰ বাবে নিৰ্বাচিত মানিকপুৰৰ বাঁহী বাদক মানিক সিং ৰায়

মানিকপুৰৰ অদলাগুৰী গাঁৱত বৈছে এতিয়া আনন্দৰ লহৰ ৷ কিয়নো বঙাইগাঁও জিলাৰ মানিকপুৰৰ অদলাগুৰী গাঁৱৰ মানিক সিং ৰায়ক 2023 বৰ্ষৰ শিল্পী পেঞ্চনৰ বাবে বাচনি কৰিছে অসম চৰকাৰে (Flutist Manik Singh Roy selected for Shilpi Pension 2023)। 1969 চনৰ পৰা থিয়েটাৰৰ মঞ্চত বাঁহী বাদক হিচাপে কাম কৰি 2016 চনত অৱসৰ লোৱা এই শিল্পীগৰাকীক আজি অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে ৷ এই বাতৰি লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে শিল্পীগৰাকীৰ শুভাকাংশীসকল ৷

সেয়ে আজি অৰ্থাৎ মঙলবাৰে চকীহালি অঞ্চলৰ সংগীত শিল্পীসকলে এইগৰাকী বিশিষ্ট শিল্পীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ সুস্বাস্থ্য কামনা কৰিছে । আনকি বাঁহী বাদক মানিক সিং ৰায়ে (Artist Manik Singh Roy) সংবাদ মাধ্যমৰ জৰিয়তে এই খবৰ লাভ কৰি উৎসাহিত হৈ পৰাৰ লগতে অসম চৰকাৰক ধন্যবাদো জ্ঞাপন কৰে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

...view details