Flood in Moran: এটা সপ্তাহে বানত আৱদ্ধ মৰাণৰ তিলৈবাৰী ব্লক গাঁৱৰ ৰাইজ - মৰাণৰ তিলৈবাৰী ব্লক
ডিব্ৰুগড়, 13 আগষ্ট: নেৰানেপেৰা বৰষুণৰ ফলত বিগত এটা সপ্তাহে মৰাণৰ তিলৈবাৰী ব্লক গাঁৱত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ তিলৈ নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে বুৰাই পেলাইছে কাষৰীয়া গাঁওখনৰ মুঠ ৪০ টা পৰিয়ালৰ বাসগৃহ ৷ ফলত ঘৰ এৰি ওখ ঠাইত আশ্ৰয় ল'বলগীয়া হৈছে বানাক্ৰান্তই ৷
গাঁওখনৰ একমাত্ৰ প্ৰাথমিক বিদ্যালয় দীপশিখা মজদুৰ প্ৰাথমিক বিদ্যালয়খনো যোৱা ৯ আগষ্টৰ পৰাই পাঠদান বন্ধ হৈ পৰিছে ৷ গাঁওখনৰ প্ৰায় এশ শতাংশ পৰিয়ালেই দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে ৷ এতিয়া বানপানীৰ বাবে আৱদ্ধ হৈ পৰিছে পৰিয়ালসমূহ ৷
ফলত খাদ্য আৰু খোৱাপানীৰ সমস্যাই দেখা দিছে বানাক্ৰান্তৰ মাজত ৷ বৰ্তমানলৈকে স্থানীয় প্ৰশাসনৰ তৰফৰ পৰা পৰ্যাপ্ত সহায়-সাহাৰ্য লাভ কৰা নাই বুলি জানিবলৈ দিছে বানাক্ৰান্তসকলে ৷
লগতে পঢ়ক :Man elephant conflict: খৰিকটীয়া চাহ বাগিচাত বন্যহস্তীৰ ত্ৰাস; উজাগৰী নিশা কটাইছে শ্ৰমিকে