Flood washed away a culvert:নাৰায়ণপুৰৰ শিমলুগুৰিত ভঙা কালভাৰ্টে জ্বলা-কলা খুৱাইছে ৰাইজক - কালভাৰ্ট
বিহপুৰীয়া, 6 জুলাই :লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বানে উটুৱাই নিলে এটি পথৰ ওপৰত থকা কালভাৰ্ট ৷ যাৰ বাবে পথচাৰীয়ে এতিয়া দূৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ শিমলুগুৰিৰ পৰা নতুন দাধৰা হৈ পানীগাঁও সংযোগী পথৰ ওপৰত থকা এটি কালভাৰ্টৰ দুয়োটা মূৰ অলপতে হোৱা প্ৰলয়ংকাৰী বানে উটুৱাই নিয়ে ৷ ফলত অঞ্চলটোৰ সৈতে আন ঠাইৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে ৷
কালভাৰ্টটো তললৈ বহি যোৱাৰ লগতে দুয়োটা পাৰ পানীয়ে খহাই দিয়াত জীয়াতু ভূগিছে ৰাইজে ৷ গাড়ী, মটৰ চাইকেল, চাইকেলটো দূৰৈৰ কথা খোজকাঢ়ি যাবলৈও ব্যৱস্থা নাই ৷ ৰাইজে অতি সোনকালে কালভাৰ্টটো বিজ্ঞানসন্মতভাবে নিৰ্মাণ কৰি বিভাগীয় কৰ্তৃপক্ষক যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবৰ বাবে আহ্বান জনাইছে ৷ অন্যথা ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
উল্লেখ্য যে, স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাই ৯ এপ্ৰিলত উল্লেখিত পথছোৱাৰ লগতে কালভাৰ্ট নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল যদিও আজি পৰ্যন্ত ঠিকাদাৰক দেখা পোৱা নাই ৰাইজে ৷ যাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷
লগতে পঢ়ক :Assam Flood 2023: পথাৰত কৃষকৰ বিননি, একঁকাল পানীৰ মাজৰ পৰা বুটলিছে সোণগুটি