অসম

assam

ৰাজ্যজুৰি সৃষ্টি হৈছে বানৰ সংহাৰ

ETV Bharat / videos

Flood in Assam : নলবাৰীত মৰাপাগলাদিয়াৰ বান্ধ ছিগি বানে চলালে ধ্বংসলীলা - Flood in Malnari

By

Published : Jun 19, 2023, 11:17 AM IST

নলবাৰী, ১৯ জুন : নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যজুৰি সৃষ্টি হৈছে বানৰ সংহাৰ । প্ৰৱল বৃষ্টিপাতৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা বানে প্লাবিত কৰিছে ৷ বাৰিষাৰ প্ৰথমটো বানে সংহাৰ চলালে পশ্চিম নলবাৰীটো । জানিব পৰা মতে, নলবাৰী জিলাৰ কৈঠালকুছিৰ নাকেৰবাৰীত ছিগিল মৰাপাগলাদিয়াৰ বান্ধ ।

নাকেৰবাৰীত মৰাপাগলাদিয়াৰ বাঢ়নী পানীয়ে বান্ধ ছিগি নিয়াৰ ফলত এতিয়া পশ্চিম নলবাৰীৰ বিস্তৃৰ্ণ অঞ্চলত জলমগ্ন হৈ পৰিছে ৷ আনকি পশ্চিম নলবাৰীৰ বহু অংশ সৃষ্টি হোৱা জলপ্লাৱনৰ ফলত শংকিত হৈ পৰিছে এতিয়া নৈপৰীয়া ৰাইজ ৷ উল্লখ্য যে, মৰাপাগলাদিয়াৰ পূব প্ৰান্তৰে বান্ধ চিগাৰ ফলত প্ৰায় ৯০ শতাংশ কৃষিজীৱি লোকৰ বিস্তৰ ক্ষয়-ক্ষতি হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :River erosion in Morigaon: লুইতৰ গৰাখহনীয়া পৰিদৰ্শন মৰিগাঁৱৰ উপায়ুক্ত দেৱাশীষ শৰ্মাৰ

ABOUT THE AUTHOR

...view details