অসম

assam

Assam flood

ETV Bharat / videos

Assam flood: বৰপেটাত বানৰ ভয়াৱহ ৰূপ

By

Published : Jun 24, 2023, 5:21 PM IST

বৰপেটা,24 জুনঃৰাজ্যত অপৰিৰ্ৱতিত বান পৰিস্থিতি ৷  বৰপেটা জিলাৰ নখন্দা, মৰা চাউলখোৱা আৰু ভেলেঙী নদীৰ জলস্তৰ বৃদ্ধি পোৱাত বান পৰিস্থিতি অধিক অৱনতি ঘটিছে । বৰপেটা জিলাৰ মৰা চাউলখোৱা নৈ বিপদসীমাৰ পৰা ১.৪৪ মিটাৰ আৰু নখন্দা নৈ বিপদসীমাৰ পৰা ১.৫৭ মিটাৰ ওপৰেৰে বৈ আছে । তদুপৰি ভেলেঙী নদীৰ পানী বিপদ সীমাৰ ১.১২ মিটাৰ ওপৰেৰে বৈ আছে ।  

জিলা প্ৰশাসনৰ তথ্য অনুসৰি বৰপেটাৰ প্ৰায় ৭৩,২৩৩ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে ৷ ইয়াৰ উপৰিও ২৫২.৫০ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে । বৰপেটা জিলাৰ চেঙা, সৰ্থেবাৰী আৰু বৰপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে বানত । সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৪৭ খন গাঁও,বৰপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭ খন গাঁও আৰু চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৯ খন গাঁও বৰ্তমানেও বানত প্লাৱিত হৈ আছে ৷  

দুদিন ধৰি বৰষুণ অহা নাই যদিও বৰপেটা জিলাৰ নখন্দা, মৰা চাউলখোৱা আৰু ভেলেঙী নদীৰ পানী বাঢ়ি থকাৰ ফলত জনসাধাৰণ শংকিত হৈছে ৷ 

লগতে পঢ়ক:Ambubachi Mela 2023: অম্বুবাচীৰ মূল তাৎপৰ্য কি ? মা কামাখ্যাৰ সৈতে জড়িত কেইটিমান আমোদজনক কথা জানি লওক

ABOUT THE AUTHOR

...view details