অসম

assam

বানৰ তাণ্ডৱ

ETV Bharat / videos

Flood at Jonai : জোনাইত বানৰ তাণ্ডৱ, কুৰিৰো অধিক গাঁও জলমগ্ন - Flood Situation Grim in Assam

By

Published : Aug 12, 2023, 4:20 PM IST

জোনাই, 12 আগষ্ট : জোনাইৰ অসম অৰুণাচল সীমান্তত দুদিন ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত কেইবাটাও অঞ্চল ডুব গৈছে বানত ৷ বিশেষকৈ অৰুণাচলৰ পৰা বৈ অহা ৰায়াং, ৰাজাখানা, দেঃতাগ নলাৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে জোনাইৰ 2 নং চিৰামপুৰীয়া, কাৰ্দ্দংচুক ভেকেলী বিজয়পুৰ দেউৰী, ৰাংকপ দেউৰী, নাহৰ গেজেৰা গাঁও আদিকে ধৰি কেইবাটাও অঞ্চল ৷

ইফালে পাহাৰৰ পৰা বৈ অহা ৰায়াং নদীৰ কোবাল সোঁতত যিকোনো মূহূৰ্ততে মথাউৰি ছিগি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হোৱাৰ সম্ভাৱনাই চিন্তিত কৰি তুলিছে ৰাইজক ৷ তদুপৰি পাহাৰৰ পৰা বৈ অহা দেতাক নদীৰ বাঢ়নী পানীয়ে মথাউৰি ছিঙি নিয়াৰ ফলত নাহৰ বন্দনা, নাহৰ গেজেৰা, চিগা আদি কেইবাখনো গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বুৰ গৈছে পানীৰ তলত ৷ সমান্তৰালকৈ জোনাইৰ জামুগুৰি আদি বিভিন্ন অঞ্চলো বানৰ কবলত পৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Morigaon Pathetic Road: বিধ্বস্ত পথৰ মেৰামতিৰ দাবীত ওলাই আহিল ৰাইজ

ABOUT THE AUTHOR

...view details