Lower Subansiri Hydroelectric Project: NHPC ত পুনৰ বাজিছে বিপদঘণ্টা - Lower Subansiri Hydroelectric Project
ধেমাজি,১৬ জুন:অৰুণাচল পাহাৰত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ বাবে এতিয়া বিপদ ঘন্টা বাজিছে বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পত ৷ বৰষুনৰ বাবেই বাৰে বাৰে ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে NHPC ৰ কৰ্তৃপক্ষই । উল্লেখ্য যে বৃহস্পতিবাৰে মুষলধাৰ বৰষুণৰ ফলত প্ৰকল্পৰ নিৰ্মাণস্থলীলৈ অহা-যোৱা ৰাস্তা চূৰ্ণ-বিছিন্ন হৈছিল ৷
তদুপৰি পাৱাৰ হাউচত পানী সোমোৱাত বিভিন্ন আহুকালে দেখা দিছিল ৷ শুকুৰবাৰেও প্ৰকল্পস্থলীত সোৱণশিৰিৰ জলপৃষ্ঠৰ বৃদ্ধি হোৱাৰ ফলস্বৰূপে মুলবান্ধৰ উচ্চতালৈকে উঠিছে পানী ৷ ন ন ঠাইত হৈছে ভূমিস্খলন ৷ কভাৰ ডেমৰ ওপৰে পানী বাগৰাৰ ফলত বিপদৰ শংকা ঘণীভূত হৈ পৰিছে ৷ বান্ধটোৰ এনে সঘনাই হৈ থকা এনে ভয়ংকৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি এই বান্ধটো ভাঙি দিবলৈ দাবী উত্থাপন কৰে ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মণ্টু কাৰ্দঙে ।
লগতে পঢ়ক:Keshab Mahanta: হোজাইৰ অসামৰিক চিকিৎসালয়ত চিটি স্কেন কেন্দ্ৰ মুকলি স্বাস্থ্যমন্ত্ৰীৰ
TAGGED:
NHPC ত পুনৰ বাজিছে বিপদঘণ্টা