অসম

assam

ETV Bharat / videos

Floods in Rangia: ৰঙিয়াৰ কোঠোৰাত অপৰিৱৰ্তিত বান পৰিস্থিতি - Flood in Assam

By

Published : Jun 16, 2022, 6:48 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত বান পৰিস্থিতিয়ে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Floods in Assam)। কামৰূপ জিলাৰ ৰঙিয়াৰ কেইবাখনো গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে । কোঠোৰাত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি (Unchanged flood situation in Rangia)। বানৰ ফলত আৱদ্ধ অঞ্চলটোৰ কেইবা শতাধিক পৰিয়াল । অঞ্চলটোৰ মূল পথৰ ওপৰত একঁকাল পানী হোৱা দেখা গৈছে । বানাক্ৰান্তৰ মাজত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে । ইতিমধ্যে বানত নষ্ট হৈছে বহু লোকৰ ঘৰ-দুৱাৰ । বানত উটি গৈছে বহুতৰে গোধন । আনকি একাংশ লোক গৃহহীন হৈ পৰিছে । খাদ্য সংকটত পৰিছে অঞ্চলটোৰ শতাধিক লোক । ইফালে বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি । পুখুৰীৰ পৰা মাছ ওলাই যোৱাত হাহাকাৰ লাগিছে মৎস্য পালকসকলৰ । মুঠতে অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে ৰঙিয়াৰ কোঠোৰা অঞ্চলত ।
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

...view details