Flood at Jonai: শাম কটা নাই বানৰ তাণ্ডৱ, বন্যাৰ্তৰ বিননি - কাৰ্যবাহী সদস্য মলেনদ্ৰ নাৰ্জাৰী
জোনাই, 4 আগষ্ট : অসম-অৰুণাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জোনাই চিমেন চাপৰিৰ জয়পুৰত চেৰেণ নৈৰ বাঢ়নি পানীয়ে নিমিষতে চিঙিলে চৰকাৰী গাইড বান্ধ ৷ যাৰ ফলত চেৰেণ নদীৰ বাঢ়নি পানীয়ে জয়পুৰ গাঁৱৰ ১০ টাকৈ পৰিয়াল বিধ্বস্ত কৰে ৷ বানৰ ফলত নষ্ট হৈছে সেউজীয়া ধাননি পথাৰ ৷ ইফালে পশুধনৰ খোৱা খাদ্য আৰু আশ্ৰয়ক লৈ অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।
ইয়াৰ পিচতে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক সুবিধাৰ্থে জোনাই মহকুমাৰ প্ৰশাসন বৃস্পতিবাৰে উপস্থিত হৈ আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে । আশ্ৰয় শিবিৰত খোৱা খাদ্য, বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিছে জিলা প্ৰশাসনে ৷
শুকুৰবাৰে পুৱা ভাগত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলে্নদ্ৰ নাৰ্জাৰীয়ে বানে বিধ্বস্ত কৰা অঞ্চল পৰিদৰ্শন কৰি পৰিয়ালসমূহক টিৰ্পালৰ যোগান ধৰে ৷ ইফালে চৰকাৰ প্ৰশাসনক ভুক্তভোগী ৰাইজে নিমিষতে চিঙি যোৱা গাইড বান্ধটো অতি শীঘ্ৰে পুনৰ নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক:Wild elephants died : ৰাণীত বিদ্যুৎস্পৃষ্ট হৈ পোৱালিসহ তিনিটা বন্যহস্তীৰ মৃত্যু