Floating bamboo bridge: লাখ টকা ব্যয়েৰে ৰাইজে সাজিলে ওপঙা সেতু - Dhemaji bamboo bridge
Published : Aug 27, 2023, 2:08 PM IST
ধেমাজি, 27 আগষ্ট :উৰণ সেতুৰ পাচত এইবাৰ নিৰ্মাণ কৰা হৈছে ওপঙা সেতু ৷ অসম মুলুকতে সাঁজি উলিওৱা হৈছে এইখন ওপঙা দলং ৷ এই দলঙেৰে দৈনিক কেইবাখনো গাঁৱৰ গঞাৰ লগতে শ শ কৃষক, গো পালকসকলে অহা-যোৱা কৰে ৷ আমি কৈ থকা এই দলংখন ধেমাজি জিলাৰ জোনাই সমষ্টিৰ টঙানী নৈৰ ওপৰত 1 নং মেচাকি গাঁৱৰ পিচফালে আছে ৷
মিচিং স্বায়ত্তশাসিত পৰিষদে উজনি চিচিটঙানী সমষ্টিত দহ লাখ টকা ব্যয় সাপক্ষে সাজি উলিওৱা হৈছে এই ওপঙা দলংখন ৷ ইয়াত ব্যৱহাৰ কৰা হৈছে ষাঠিটা ড্ৰাম, লোহাৰ ক্লেম, বল্টু, কাঠ আৰু বাঁহ ৷ এই বাঁহৰ দলংখন লাভ কৰি সন্তুষ্টি লভিছে এতিয়া গঞাই ৷
কিয়নো বাৰিষা হ’লে পূৰ্বে ভৰা টঙানি নৈৰ বুকুৱেদি নাৱেৰে পাৰাপাৰ হ’ব লাগে ৷ টুলুঙা নাৱেৰে পাৰ নহ’লেও অন্য কোনো পথ নাছিল গাঁওবাসীৰ বাবে ৷ ভৰ বাৰিষাৰ সময়ত এবাৰ নাৱেৰে খৰস্ৰোতা টঙানি নৈ পাৰ হওঁতে দুজন যুৱকে প্ৰাণ হেৰুৱাব লগাতো পৰিছিল ৷
কিন্তু বৰ্তমান প্ৰায় এশ মিটাৰ দৈৰ্ঘৰ এইখন দলং নিৰ্মাণৰ লগে লগেই শ শ হেক্টৰ কৃষি ভূমিত ধান খেতি, ৰবি শস্যৰ লগত ইয়াৰ লগত জড়িত কৃষক, গো-পালককে আদি কৰি সকলো লোকৰ যাতায়তৰ বাবে সুচল হৈ পৰিল যাতায়ত ৷ সাময়িকভাৱে নাইকীয়া হ’ল যাতায়তৰ সমস্যাৰ ৷ সেয়ে বৰ্তমান সন্তুষ্টি প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়ক :Fire breaks out : মাজুলীৰ চেলেক চাপৰিত অগ্নিকাণ্ড; জাহ গ’ল 4 টা বাসগৃহ