অসম

assam

ETV Bharat / videos

Wild buffalo killing : টিংখাঙত ম'হ হত্যাকাৰী গ্ৰেপ্তাৰ - Five arrested for killing wild buffalo

By

Published : Oct 25, 2022, 5:03 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ৰাজ্যত বন্য প্ৰাণীৰ ওপৰত আক্ৰমণ অব্যাহত আছে (Attacks on wild animals)। একাংশ দুষ্টচক্ৰই প্ৰায়ে বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া গাহৰি, ম'হ, হৰিণ আদিকে ধৰি বহু জীৱ-জন্তু হত্যা কৰি ভক্ষণ কৰি আহিছে (Killing of wild animals)। এইবাৰ পুনৰ এক পাশৱিক ঘটনা সংঘটিত হ'ল ডিব্ৰুগড়ৰ টিংখাঙত । নৃশংসভাৱে এটা বনৰীয়া ম'হ হত্যা কৰি মাংস ভক্ষণ কৰাৰ চেষ্টা ৫ জন লোকৰ (Wild buffalo killing in Tingkhong)। ইতিমধ্যে নিষ্ঠুৰ সেই ৫ জন লোকক আটক কৰিছে টিংখাং আৰক্ষীয়ে । টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত ধমন বৰবিল গাঁৱত সংঘটিত হৈছে এই ঘটনা । গাঁওখনৰ ডিম্বেশ্বৰ কোঁচ নামৰ লোকজনে যোৱা বৃহস্পতিবাৰে ফাণ্ড পাতি এটা বনৰীয়া ম'হ ধৰিবলৈ সক্ষম হৈছিল । বনৰীয়া ম'হটো মঙলবাৰে পুৱাই টিংখাঙৰ নাওজান গাঁৱৰ ভদ্ৰ আৰন্ধৰা নামৰ লোকজনে আন কেইজনমানৰ সৈতে মিলি ৫০ হাজাৰ টকাত ক্ৰয় কৰিছিল । তাৰ পাছত ম'হটো লোককেইজনে হত্যা কৰি মাংস ভক্ষণ কৰিব বিচাৰিছিল । অৱশ্যে ঘটনাৰ সৈতে জড়িত নাওজানৰ ভদ্ৰ আৰন্ধৰা, ৩ নং হাতীগড়ৰ প্ৰকাশ চয়, ৰাফেল চুৰীন, লোকাচ হেমৰমক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে (Five arrested for killing wild buffalo)। ঘটনাত জড়িত আন তিনিজন লোক পলাতক বুলি জানিব পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details