অসম

assam

Fishing Competition at Chandrapur: বৰশীত ডাঙৰ মাছ ধৰি লাভ কৰক 3 লাখ টকা

By

Published : Nov 13, 2022, 10:26 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

লাহে লাহে শীত নামিছে । বতৰৰ ফচল লহপহকৈ বাঢ়িছে । এনেহেন বতৰত মাছেৰে এসাঁজ পালেতো কথাই নাই । ৰৌ-ভকুৱা,চিতল কি থাকিব ভাতৰ পাতত ? সেয়া মাথো কপালেহে জানে । পিছে এইবাৰ মাছৰ লগতে পাব ধনৰ টোপোলা । শুনি চাগৈ আচৰিত হৈছে । মাছৰ লগতে ধনৰ টোপোলা কেনেকৈ ? প্ৰথমে দৃশ্যটো চাওক । এটা বিশাল পুখুৰী । পুখুৰীতোৰ পাৰে পাৰে বৰশী লৈ অসংখ্য মানুহ । দৃশ্যটো চন্দ্ৰপুৰৰ । হয় চন্দ্ৰপুৰৰ বৰবিলাত দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বৰশী বোৱা প্ৰতিযোগিতা (Fishing Competition at chandrapur) । বৰবিল একুৱা পাৰ্কৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতা খনত অসমকে ধৰি উত্তৰ পূৱৰ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয়ৰ পৰা অহা ৫ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে (Mass Fishing in Chandrapur)। মন কৰিবলগীয়া কথা এই যে বৰশী বোৱা প্ৰতিযোগিতাত পুৰস্কাৰৰ ধন কেইবা লক্ষাধিক টকা । আটাইতকৈ বেছি ওজনৰ মাছ ধৰা প্ৰতিযোগীয়ে হ'ব বিজয়ী (Chandrapur Fishing competition)। প্ৰতিযোগিতাৰ প্ৰথম পুৰষ্কাৰ ৩ লাখ । দ্বিতীয় পুৰস্কাৰ ২ লাখ আৰু তৃতীয় পুৰস্কাৰ ১ লাখ টকা । লগতে চতুৰ্থ পুৰস্কাৰ ৫০ হেজাৰ,পঞ্চম পুৰস্কাৰ ২০ হেজাৰ,ষষ্ঠ পুৰস্কাৰ ৫ হেজাৰ,সপ্তম পুৰস্কাৰ ৫ হেজাৰ,অষ্টম পুৰস্কাৰ ৫ হেজাৰ,নৱম ৫ হেজাৰ আৰু দশম পুৰস্কাৰ হিচাপে ৫ হেজাৰ টকাকৈ প্ৰদান কৰা হ'ব । প্ৰতিযোগিতাত অংশগ্ৰহণৰ মাছুল ধাৰ্য কৰা হৈছে ২৫ শ টকা । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিযোগীৰ মনতো ব্যাপক উচাহ । ইফালে বৰশী বোৱা প্ৰতিযোগিতা চাবলৈ ভিন্ন প্ৰান্তৰ পৰা অহা অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে । পিছে কাৰ বৰশীত উঠিব বেছি ওজনৰ মাছ? কোন হ'ব বিজয়ী সেয়াহে হ'ব চাবলগীয়া ।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details