অসম

assam

লাচিম-ভাঙোন মাছৰ বৈজ্ঞানিক পদ্ধতিৰে প্ৰজনন

By

Published : Jul 27, 2023, 3:40 PM IST

ETV Bharat / videos

College of fisheries in Raha:মীন পামৰ পুখুৰীত মেলি দিলে লাচিম-ভাঙোনৰ পোনা

ৰহা, ২৭ জুলাই:ৰাজ্যত প্ৰথমবাৰৰ বাবে বিলুপ্তপ্ৰায় লাচিম-ভাঙোন মাছৰ বৈজ্ঞানিক পদ্ধতিৰে প্ৰজনন কৰি সংৰক্ষণ তথা পালনৰ ব্যৱস্থা কৰিছে ৰহাৰ মীন মহাবিদ্যালয়ে । মীন মহাবিদ্যালয়খনে কেইবা লাখ লাচিম- ভাঙোনৰ পোনা উৎপাদন কৰি বুধবাৰে ৰহা জোঙালবলহু গড় চৰকাৰী মীন পামৰ এটা পুখুৰীত পালনৰ বাবে মেলি দিয়ে ।  

কৃত্ৰিম প্ৰজননৰ দ্বাৰা উৎপাদন কৰা এই লাচিম-ভাঙোন মাছ পালনৰ পোনা মেলা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত লক্ষ্যজ্যোতি দাসে । পোনা মেলা অনুষ্ঠানত মীন মহাবিদ্যালয়ৰ ডীন, অধ্যাপক, মীনপালক আদি উপস্থিত থাকে । উল্লেখ্য যে অসমত বহু থলুৱা মাছৰ বিলুপ্তি ঘটিবলৈ ধৰিছে । তাৰে ভিতৰত লাচিম-ভাঙোন মাছো অন্য়তম । শেহতীয়াকৈ মীন মহাবিদ্যালয়ে গৱেষণাৰ অন্তত এই লাচিম-ভাঙোনৰ কৃত্ৰিম প্ৰজননেৰে পোনা উৎপাদন কৰি সংৰক্ষণ তথা পালনৰ ব্যৱস্থা কৰাত মীনপালকো উৎসাহী কৰিছে ।

লগতে পঢ়ক:Morigaon Mob lynching: গণ প্ৰহাৰত নিহত ছাদ্দাম হুছেইনৰ বাসগৃহত জিলা আয়ুক্ত দেবাশীষ শৰ্মা

ABOUT THE AUTHOR

...view details