Governor Visits Chabua: ডিব্ৰুগড়ৰ চাবুৱাত ৰাজ্যৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় - চাবুৱাত ৰাজ্যৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়
ডিব্ৰুগড়,৯ জুন: ৰাজ্যৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় 'অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়' ডিব্ৰুগড়ৰ চাবুৱাত নিৰ্মীয়মান অৱস্থাত থকা সময়তে বিশ্ববিদ্যালয়ৰ কাম চলাই নিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই(First sports university at Chabua in Dibrugarh) ।
ৰাজ্যত ক্ৰীড়া শিক্ষাৰ গুৰুত্ব, প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ৰাজ্যপালগৰাকীৰ আশাপ্ৰদ ভূমিকাই নতুন দিগন্তৰ সূচনা কৰিছে । উল্লেখ্য যে, ইতিমধ্যে অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ ভৱনৰ নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই উপাচাৰ্য নিযুক্তি প্ৰদান কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড় কানৈ মহাবিদ্যালয় আৰু ডিব্ৰুগড় বহুমুখী ক্ৰীড়া প্ৰকল্পত অস্থায়ী ভিত্তিত নিয়মীয়াকৈ শ্ৰেণীসমূহ চলাই নিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে (Governor Visits Chabua) ।
আজি ডিব্ৰুগড় ক্ৰীড়া বিষয়াৰ কাৰ্যালয়, ডিব্ৰুগড় ক্ৰীড়া প্ৰকল্প আৰু অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ সৈতে এক বুজাবুজিত চুক্তি সম্পাদন কৰে ৰাজ্যপালগৰাকীয়ে । লগতে ডিব্ৰুগড়ৰ খনিকৰস্থিত ক্ৰীড়া প্ৰকল্পস্থলী পৰিদৰ্শন কৰি ২৪ চনৰ মাৰ্চৰ ভিতৰত প্ৰকল্পস্থলী কাৰ্যক্ষম হৈ উঠিব বুলি উল্লেখ কৰে কাটাৰিয়াই (Assam Governor Gulab Chand Kataria) ।
পুৱা ডিব্ৰুগড় বিমানবন্দৰত অনিৰুদ্ধদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বিষয়ববীয়া আৰু জিলা প্ৰশাসনৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় । ইয়াৰ পাছতে চাবুৱাত নিৰ্মীয়মান বিশ্ববিদ্যালয়খনৰ কাম-কাজৰ অগ্ৰগতিৰ সম্পৰ্কে স্ব-চক্ষে পৰিদৰ্শন কৰে । বিয়লি ডিব্ৰুগড় কানৈ মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতেও মিলিত হৈ ক্ৰীড়া বিশ্ববিদ্যালয়খন চলাই নিয়াৰ ক্ষেত্ৰত সকলোধৰণৰ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰে ।
লগতে পঢ়ক:Assamese New Movie: ৪ দিনতে ১ কোটি ৪০ লাখৰো অধিক উপাৰ্জন শ্ৰী ৰঘুপতিৰ