Ek Asom Yatra: শদিয়াত এক অসম যাত্ৰাৰ সামৰণি - ডুমডুমা নাট্য মন্দিৰ
Published : Oct 8, 2023, 5:51 PM IST
তিনিচুকীয়া, 8 অক্টোবৰ: ‘এক অসম যাত্ৰা’ৰ শেষৰটো দিন হিচাবে দেওবাৰে অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীসকল উপস্থিত হয় তিনিচুকীয়াত ৷ ধুবুৰীৰ পৰা শদিয়ালৈকে সামৰি আৰম্ভ কৰা প্ৰথম পৰ্যায়ৰ ‘এক অসম যাত্ৰা’ অংশ হিচাবে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত ‘এক অসম যাত্ৰা’ৰ দল উপস্থিত হয় তিনিচুকীয়াৰ ডুমডুমাত । ডুমডুমাত উপস্থিত হৈ দলটোৰ প্ৰতিনিনিধিসকল ডুমডুমা নাট্য মন্দিৰ দৰ্শন কৰাৰ লগতে ডুমডুমা নামঘৰত আশিস গ্ৰহ কৰে । তাৰ পাছতেই ডুমডুমা নগৰ ৰাজহুৱা খেলপথাৰৰ পৰা পদযাত্ৰা আৰম্ভ কৰে । পদযাত্ৰা কৰি "এক অসম যাত্ৰা"ৰ দলটো শদিয়া অভিমুখে ৰাওনা হয় ৷ উক্ত কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ সম্পাদক জগদ্বীশ ভূঞাৰ লগতে আন কেইবাজনো নেতাও উপস্থিত থাকে ।
সাংবাদিকৰে হোৱা মত-বিনিময়ত লুৰীণজ্যোতি গগৈয়ে কয় যে ‘এক অসম যাত্ৰা’ৰ যি উদ্দেশ্য আছিল, সেয়া অসমৰ প্ৰতিটো প্ৰান্তৰ জাতি-জনগোষ্ঠী, প্ৰতিটো শ্ৰেণীৰ লোকে আদৰণী জনাইছে ৷