অসম

assam

নলবাৰীৰ প্ৰথমখন উৰণীয়া সেঁতু

ETV Bharat / videos

First flyover in Nalbari:সাময়িকভাৱে মুকলি নলবাৰীৰ প্ৰথমখন উৰণীয়া সেঁতু - নলবাৰীৰ প্ৰথমখন উৰণীয়া সেঁতু

By

Published : Jun 19, 2023, 7:03 PM IST

নলবাৰী, 19 জুন :২০১৭ চনতে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা নলবাৰীৰ প্ৰথমখন উৰণীয়া সেঁতু সাময়িকভাৱে সোমবাৰে মুকলি কৰা হ’ল । লোকনিৰ্মাণ বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তা পৰেশ হালৈয়ে ৰাইজৰ যাতায়তৰ সুবিধাৰ বাবে সাময়িকভাৱে মুকলি কৰি দিয়ে উৰণীয়া সেঁতুখন ।

উল্লেখ্য যে ২০১৭ চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰ শিলা স্থাপন কৰিছিল নলবাৰী হৰিমন্দিৰৰ ওচৰৰ ৰে’ল পথৰ ওপৰত প্ৰথমখন উৰণীয়া সেঁতুৰ । সেই সময়ৰ নলবাৰীৰ বিধায়ক অশোক শৰ্মাৰ কাৰ্যকালত আধাৰ শিলা স্থাপন কৰা উৰণীয় সেঁতুখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাত বিগত ৭ বছৰে নলবাৰীৰ উত্তৰ আৰু দক্ষিণ পাৰৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত তীব্ৰ আহুকালৰ সন্মুখীন হ’বলগীয়া হৈছিল । আনকি এক কি:মি: পথ অতিক্ৰম কৰোতে চাৰি পাঁচ কি:মি: অধিক পথ অতিক্ৰম কৰি যাবলগীয়া হৈছিল নলবাৰীৰ ৰাইজে ।

নলবাৰীৰ দল সংগঠনকে ধৰি সচেতন মহলেও সেঁতুখন নিৰ্মাণত লেহেমীয়া হোৱাত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল । বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কৰ্মতৎপৰতাত এইবেলি ক্ষীপ্ৰতাৰে সম্পূৰ্ণ হ’ল নলবাৰীৰ এইখন উৰণীয়া সেঁতু । উক্ত উৰণীয়া সেঁতুখন অৱশেষত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ মৰ্মে সোমবাৰে সাধাৰণ যাত্ৰী আৰু লঘু যান-বাহনৰ বাবে সাময়িকভাৱে মুকলি কৰি দিয়া হেতুকে নলবাৰীৰ উত্তৰ আৰু দক্ষিণ পাৰৰ ৰাইজৰ যথেষ্ট সুবিধা হোৱাৰ লগতে নলবাৰীত যাতায়ত সুচল হ’ব বুলি সচেতন মহলে মন্তব্য কৰে ।

লগতে পঢ়ক :Ambubachi Mela: ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ব অম্বুবাচী মেলা

ABOUT THE AUTHOR

...view details