অসম

assam

আঘোণৰ ছন্দত ছন্দিত হয় চহা কৃষকৰ মনপ্ৰাণ

ETV Bharat / videos

পথাৰৰ সোণগুটি চপোৱাত ব্যস্ত আঘোণী বাই - পথাৰৰ সোণগুটি চপোৱাত ব্যস্ত আঘোণী বাই

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 6:58 PM IST

মৰিগাঁও, 18 নৱেম্বৰ :অসমীয়া গ্ৰাম্য জীৱনত আছে আঘোণৰ সুকীয়া মাদকতা ৷ আঘোণৰ ছন্দত ছন্দিত হয় চহা কৃষকৰ মনপ্ৰাণ ৷ আজি পহিলা আঘোণ ৷ আঘোণ মানেই পথাৰ উপচি পৰে সোণোৱালী সোণগুটিৰে । বিধে বিধে ভৰপক হৈ পৰিছে আঘোণৰ জহা, বৰাকে ধৰি নানা তৰহৰ ধান । ইয়াৰ মাজে মাজে আকৌ পথাৰ উপচি পৰিছে উন্নত জাতৰ ৰঞ্জিত, বাহাদুৰ আদি বিবিধ ধানেৰেও ।

আহাৰ-শাওনত ভূঁই ৰোৱা ৰোৱনীয়ে এতিয়া আঘোণত দাৱনী ৰূপত ঢাপলি মেলিছে আপোন পথাৰখনলৈ । এতিয়া যেনিয়েই চোৱা যায় তেনিয়েই সোণোৱালী লখিমী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত পহিলা আঘোণৰ দিনটোত পথাৰত নামিছে জাক-জাক দাৱনী । কি জীয়াৰী, কি বোৱাৰী - মূৰত পাগ মাৰি ওলাই আহিছে পথাৰলৈ বুলি ৷ আনকি পহিলা আঘোণৰ দিনা কোনো কোনোৱে পথাৰৰ প্ৰথম মুঠি সোণগুটিৰ আগ মূৰ তুলি লৈ অনা দেখিবলৈ পোৱা গৈছে ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও সমীপৱৰ্তী বাৰপূজীয়া, জৰাবাৰী, জালুগুটি, লাহৰীঘাট, ভূৰবন্ধা, মিকিৰভেটা, টেঙাগুৰি, মৈধালি, এজাৰবাৰী, তৰাণি, কলবাৰীৰ দলৈচুবা, চোলাপাৰ গাঁৱৰ পথাৰৰ দৃশ্যই মোহিত কৰিছে সকলোকে । এক কথাত ক’বলৈ গ’লে ৰাজ্যৰ সকলো পথাৰতে ব্যস্ত হৈ পৰিছে চহা কৃষকৰ লগতে দাৱনীসকলো ।

লগতে পঢ়ক :ৰাসৰ ব্যস্ততাৰ বাবে সময়ৰ নাটনি যতীন বৰাৰ

ABOUT THE AUTHOR

...view details