অসম

assam

ETV Bharat / videos

Firozabad primary school student died : সহপাঠীৰ আক্ৰমণত মৃত্যু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰৰ - Death students family protest in front of school

By

Published : Dec 13, 2022, 6:14 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ জনপদ অঞ্চলৰ এখন চৰকাৰী বিদ্যালয়ত উত্তেজনাময় পৰিৱেশ (Tense situation in Primary school at Firozabad)। দ্বিতীয় শ্ৰেণীৰ এজন ছাত্ৰৰ মৃত্যুৰ পাছতে বিদ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ একাংশ লোকৰ । শিকোহাবাদ আৰক্ষী থানাৰ অন্তৰ্গত কিষাণপুৰ গাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়ৰ ঘটনা এয়া । মৃত্যু হোৱা ছাত্ৰজন হৈছে বীৰেন্দ্ৰ সিঙৰ পুত্ৰ ১০ বছৰীয়া শিৱম (Firozabad student of class 2 died)। ছাত্ৰজনৰ পিতৃয়ে অভিযোগ কৰা মতে সোমবাৰে বিদ্যালয়খনৰ একাংশ সহপাঠীৰ সৈতে শিৱমৰ কোনো কথাত বিবাদ হৈছিল । এই বিবাদৰ পৰিণতি স্বৰূপে শিৱমক সহপাঠীকেইজনে ইমানে প্ৰহাৰ কৰিছিল যে সোমবাৰে সন্ধিয়া হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল । পাছত মঙলবাৰে পুৱা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও শিৱমৰ মৃত্যু হয় । ছাত্ৰজনৰ মৃত্যুৰ পাছতে তেওঁৰ পৰিয়াল আৰু অঞ্চলটোৰ একাংশ লোক উত্তেজিত হৈ পৰে । ছাত্ৰজনৰ মৃতদেহ বিদ্যালয়ৰ সন্মুখত থৈ প্ৰতিবাদো সাব্যস্ত কৰে লোকসকলে (Death students family protest in front of school)। ছাত্ৰজনৰ মৃত্যুৰ বাবে পৰিয়ালটোৱে বিদ্যালয় কৰ্তৃপক্ষক দোষাৰোপ কৰে । আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । মৃত ছাত্ৰজনৰ পিতৃয়ে বিদ্যালয়খনৰ কিছু ছাত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগো দাখিল কৰিছে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details