অসম

assam

ETV Bharat / videos

Massive fire in Jorhat town: 12 ঘন্টা উকলাৰ পিছতো নুমুৱা নাই জুই

By

Published : Dec 22, 2022, 2:00 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

12 ঘন্টা উকলি যোৱাৰ পিছতো যোৰহাটৰ মাৰোৱাৰীপট্টিত সংঘটিত হোৱা জুই নুমুৱা নাই (Massive fire in Jorhat town)৷ জুইৰ লেলিহান শিখাত অঞ্চলটোৰ সহস্ৰাধিক ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস হৈছে ৷ এতিয়ালৈ জুই নিৰ্বাপন কৰিবলৈ ১০০ ৰো অধিক অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ব্যৱহাৰ কৰা হৈছে (100 Fire brigade vehicles uses) ৷ নিশা 10.45 বজাৰ পৰাৰ পুৱতি নিশালৈকে অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অগ্নিনিৰ্বাপক বাহিনী । ইয়াৰ পাছত যোৰহাট, গোলাঘাট, শিৱসাগৰ, বায়ুসেনা বাহিনী, ভাৰতীয় সেনা বাহিনী, অ’ এন জি চি, নুমলীগড় শোধনাগাৰ আদিৰ অধীনৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে (Jorhat Fire news)। এই অগ্নিকাণ্ড যোৰহাটৰ ইতিহাসত প্ৰথম বুলি সকলোৱে ক'ব বিচাৰে ৷ ৰাজ্যৰ অন্য প্ৰান্তৰো অগ্নিনিৰ্বাপকৰ গাড়ী যোৰহাটলৈ অনা হৈছে । এই অগ্নিকাণ্ডৰ ঘটনাটো শ্বট শ্বাৰ্কিটৰ ফলতেই সংঘটিত হোৱা বুলি ধাৰণা কৰাৰ হৈছে ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details