Fire in Nalbari: নলবাৰীৰ ভাংনামাৰীত ভয়ংকৰ অগ্নিকাণ্ড - বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সুত্ৰপাত
নলবাৰী, ৪ মাৰ্চ: শুকুৰবাৰে নিশা নলবাৰীৰ ভাংনামাৰীৰ ছৈয়দ আলী চৰৰ দেওবৰীয়া বজাৰত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Fire Broke Out In Nalbari) । জুইত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় তিনিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে এজন লোকৰ বাসগৃহ । এই ভয়ংকৰ অগ্নিকাণ্ডটোৰ ফলত প্ৰায় ৬ ছয় লাখ টকাৰ সা-সামগ্ৰীৰ লগতে বহুতো নথি-পত্ৰ জুইত ভস্মীভূত হয় ।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই জুইৰ সুত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে ৰাইজে । জানিব পৰা মতে, ভাংনামাৰীৰ ছৈয়দ আলী চৰৰ আলি আকবৰ, লালচান্দ আৰু জাহু নামৰ লোককেইজনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানকেইখন জুইত জাহ যোৱাৰ লগতে ৰমজান হবিবৰ নামৰ আন এজন লোকৰ এটা ভাড়াতীয়া বাসগৃহও জুইত জাহ যায় ।
জুইৰ লেলিহান শীখাই নিমিষতে আকাশ চানি ধৰাত অঞ্চলজুৰি এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয় । অৱশ্যে স্থানীয় লোকৰ তৎপৰতাত এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক :Fire incident in Nalbari : মুকালমুৱাৰ বহ্মপুত্ৰৰ চৰত বিধংসী অগ্নিকাণ্ড