অসম

assam

By

Published : Jul 7, 2022, 4:36 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

ETV Bharat / videos

কমাৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড; নিমিষতে জুইত ভস্মীভূত চাংঘৰ ধাবা

কমাৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় (Fire breakout at Kamargaon) ৷ চকুৰ পচাৰতে নিমিষতে জ্বলি ভস্মীভূত হয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা চাংঘৰ নামৰ এখন ধাবা ৷ গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত কমাৰগাঁৱত বৃহস্পতিবাৰে দিনৰ 10.30 বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো । হোটেলখনত থকা দুটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় (Fire was caused by cylinder explosion) ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও বাঁহ আৰু খেৰৰে নিৰ্মাণ কৰা ধাবাখনৰ সকলো সামগ্ৰী জ্বলি চাৰখাৰ হয় । অঞ্চলটোত হুৱা-দুৱা লগাত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

...view details