অসম

assam

ETV Bharat / videos

Fire at Tihu : দীপাৱলীৰ ফটকাই হাঁহি কাঢ়িলে মাখিবাহাৰ এটা পৰিয়ালৰ - মাখিবাহাত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড

By

Published : Oct 24, 2022, 10:19 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

দীপাৱলীৰ আনন্দৰ (Diwali 2022) মাজতে টিহুৰ মাখিবাহাত অঘটন ৷ দীপাৱলীৰ দিনাই মাখিবাহাত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড (Fire broke out at Tihu Nalbari)। এই অগ্নিকাণ্ডৰ ফলত দিলীপ ৰাজবংশী নামৰ লোকজনৰ চাহৰ দোকান, ইউিৰয়া সাৰৰ এটা গুডামৰ লগতে তুলাৰ গুডামসহ বাইক আৰু চাইকেল ভষ্মীভূত হয় । দীপাৱলীৰ ফটকাৰ পৰাই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে । এই অগ্নিকাণ্ডৰ ফলত এটা চিলিণ্ডাৰো বিস্ফোৰণ হয় ৷ ফলত সমগ্ৰ অঞ্চলটো জুইৰ ক’লা ধোঁৱাই ছানি ধৰে ৷ ইফালে এই অগ্নিকাণ্ডৰ খৱৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় চাৰি লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হয় বুলি জানিব পৰা গৈছে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details