অসম

assam

ETV Bharat / videos

Fire in Nalbari: নলবাৰীৰ নোৱাপাৰা চৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা - House burnt in Fire incident

By

Published : Nov 21, 2022, 1:44 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

নলবাৰীৰ মুকালমুৱাৰ নোৱাপাৰা চৰত বিধ্বংসী অগ্নিকাণ্ড (Fire breaks out in mukalmua)। নোৱাপাৰা চৰৰ চুৰমান আলী নামৰ লোকজনৰ ঘৰত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো । অগ্নিকাণ্ডৰ ফলত দুটা ঘৰৰ লগতে চাৰিটা ছাগলী, ১৫০ টা কুকুৰা, ভড়ালৰ ধানৰ লগতে বিভিন্ন সা-সামগ্ৰী জুইত জাহ যাই । অগ্নিকাণ্ডত প্ৰায় আঢ়ৈ লাখ মূল্যৰ সা-সামগ্ৰী ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে । ঘৰৰ ওচৰত ধান সিজাই থকা অৱস্থাত জুই সিচৰিত হোৱাৰ ফলতেই বাসগৃহটোত অগ্নি সংযোগ হোৱা বুলি জানিব পৰা গৈছে (House burnt in Fire incident)। স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন কৰে যদিও অগ্নিকাণ্ডৰ ফলত চুৰমান আলী নামৰ লোকজনৰ সা-সামগ্ৰীসহ দুটা ঘৰ জুইত ভস্মীভূত হয় । ঘটনাটোক লৈ অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

...view details