অসম

assam

দাউ দাউকৈ জ্বলিল বাসগৃহ

ETV Bharat / videos

দাউদাউকৈ জ্বলিল বাসগৃহ; কথমপি প্ৰাণ ৰক্ষা এটি কণমাণিৰ - fire incident in Assam

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 4:29 PM IST

মৰাণ, 3 ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ বৰুৱা তিনিআলিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে । দিন দুপৰতে সংঘটিত অগ্নিকাণ্ডৰ ফলত জ্বলি ছাই হৈ যায় কৃষ্ণ কুমাৰ নেৱাৰ নামৰ এজন লোকৰ বাসগৃহ । এই ঘটনাত কথমপি প্ৰাণৰক্ষা এগৰাকী কণমানিৰ ৷ 

দেওবাৰে ঘৰত কোনো নথকা অৱস্থাত বাসগৃহটোত এগৰাকী কণমানি কোঠাৰ ভিতৰত শুই আছিল ৷ তেনেতে অতৰ্কিতে বাসগৃহটোত দাও দাওকৈ জুই জ্বলি উঠে ৷ এই ঘটনা দেখি স্থানীয় লোকে হুৱা দুৱা লগায় ৷ এই অগ্নিকাণ্ডৰ মাজৰ পৰা স্থানীয় ৰাইজে কথমপি প্ৰাণ ৰক্ষা কৰে কণমানি শিশুটিৰ । 

এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ মূল কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই । এই অগ্নিকাণ্ডত প্ৰায় লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যায়। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় যদিও তেতিয়ালৈকে সম্পূৰ্ণৰূপে ভষ্মীভূত হয় বাসগৃহটো ৷

লগতে পঢ়ক:কিয় হঠাৎ নিশা আতংকময় পৰিৱেশৰ সৃষ্টি হ’ল বেলতলা বজাৰত !

ABOUT THE AUTHOR

...view details