অসম

assam

কথমপি প্ৰাণ ৰক্ষা অৰ্ধশতাধিক ৰোগীৰ

ETV Bharat / videos

Fire Breakout: বৰপেটা অসামৰিক চিকিৎসালয়ত অগ্নিকাণ্ড

By

Published : Apr 19, 2023, 9:07 AM IST

বৰপেটা, 19 এপ্ৰিল: ইটোৰ পাচত সিটো সমস্যাই লগ নেৰা হৈছে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ক ৷ কেইদিনমান পূৰ্বে চিকিৎসালয়খনত সঘনাই বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ অভিযোগ উথ্থাপন হৈছিল ৷ যাৰ বাবে গৰমত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল ৰোগীসকলৰ ৷

এইবাৰ বৰপেটা অসামৰিক চিকিৎসালয়ত সংঘটিত হ'ল অগ্নিকাণ্ডৰ ঘটনা ৷ কথমপি প্ৰাণ ৰক্ষা পৰিল অৰ্ধশতাধিক ৰোগীৰ ৷ ঘটনাক লৈ ৰোগীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ (Fire Breakout at Barpeta Civil Hospital Kalgachia) ৷  

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰপেটা অসামৰিক চিকিৎসালয়ত মঙলবাৰে মাজনিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে ৷ অগ্নিকাণ্ডৰ ধোঁৱাই চিকিৎসালয়খন ছানি ধৰাত ৰোগী তথা অভিভাৱকৰ মাজত এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় ৷ নাৰ্চৰ কোঠাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি চিকিৎসকে জানিবলৈ দিয়ে (Fire Breakout at Barpeta Civil Hospital) ৷

এই অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল বৰপেটা অসামৰিক চিকিৎসালয় ৷ উল্লেখযোগ্য যে চিকিৎসালয়ৰ নাৰ্চে ধোঁৱা প্ৰত্যক্ষ কৰি চিকিৎসকক অৱগত কৰাত চিকিৎসক উপস্থিত হৈ নাৰ্চৰ কক্ষত অগ্নিশিখা প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত চিকিৎসকে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত কলগাছিয়া অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ এই অগ্নিকাণ্ডত কোনো বিশেষ ক্ষতি হোৱা নাই যদিও একাংশ ৰোগী বাহিৰলৈ উলাই অহাৰ সময়ত কিছু পৰিমাণে আহত হৈছে ৷ এই অগ্নিকাণ্ডৰ ফলত প্ৰায় অৰ্ধশতাধিক ৰোগীৰ কথমপি প্ৰাণ ৰক্ষা পৰে (Fire incident in Barpeta Civil Hospital) ৷

এই ঘটনাৰ ফলত ৰোগী তথা ৰোগীৰ অভিভাৱক সকলৰ মাজত এক আতংকংময় পৰিৱেশৰ সৃষ্টি হয় ৷ ধোঁৱাই আগুৰি ধৰে চিকিৎসালয়খনৰ ভিতৰভাগ ৷ ফলত ৰোগীসকলক বাহিৰৰ নিৰাপদ স্থানলৈ আনিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷

লগতে পঢ়ক:Charaideo passenger bus news: বাছেৰে যাত্ৰা কৰি থকাৰ সময়তেই অকাল মৃত্যু এজনৰ

ABOUT THE AUTHOR

...view details