Kalgachia Fire Incident: বিদ্যুৎ শ্বৰ্ট চাৰ্কিটৰ ফলত নিমিষতে জ্বলি ছাই এটা বাসগৃহ - অগ্নিকাণ্ডত জাহ যায় এটা বাসগৃহ
জনিয়া, 1 জুন : বৰপেটা জিলাৰ কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে(Fire break out at Jania)। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ এই অগ্নিকাণ্ডত জাহ যায় এটা বাসগৃহ (one house burnt)।
ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে পুৱা প্ৰায় ১০ বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । এই অগ্নিকাণ্ডত বলাইপাথাৰ গাঁৱৰ সোনা মিঞা নামৰ এজন ব্যক্তিৰ বাসগৃহটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি ৰাইজে জানিবলৈ দিয়ে। এই অগ্নিকাণ্ডত আত্মসহায়ক গোটৰ নগদ টকাৰ লগতে প্ৰায় নগদ ধন ৩ লাখ টকা, ঘৰৰ আচবাব পত্ৰৰ লগতে মূল্যবান নথিপত্ৰ, ধান, চাউল, ঘৰৰ সমগ্ৰ সামগ্ৰী সহ প্ৰায় দহ লক্ষাধিক টকাৰ ক্ষতি হোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালটোৰ লোকে । এই ক্ষেত্ৰত চৰকাৰে ভুক্তভোগী পৰিয়ালক কিছু পৰিমাণৰ ক্ষতিপূৰণ দি সহায় কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।
এই ঘটনাৰ পিচতে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালটোৱে । শেহতীয়াকৈ তেওঁলোকৰ ঘৰৰ বিদ্যুত সংযোগ ব্যৱস্থাত বিজুতি হোৱাত বিভাগীয় কৰ্মচাৰী মান্নাফ আলী আৰু আব্দুল কাচেমক অৱগত কৰে যদিও টকা ৫০০০ টকা নিদিয়াৰ বাবেই আজিৰ এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী পৰিয়ালটোৱে ৷
লগতে পঢ়ক:Molestation case at Kaliabor : নাবালিকাক যৌন আতিশয্য চলাই হত্যাৰ অপচেষ্টা যুৱকৰ