অসম

assam

খ্ৰীষ্টানবস্তিত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat / videos

Fire in Guwahati: খ্ৰীষ্টানবস্তিৰ ছিলভাৰ স্কোৱেৰত ভয়ংকৰ অগ্নিকাণ্ড - Fire at GS Road in Guwahati

By

Published : Feb 11, 2023, 6:19 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

গুৱাহাটী, ১১ ফেব্ৰুৱাৰী:গুৱাহাটী মহানগৰীৰ জিএছ ৰোডৰ খ্ৰীষ্টানবস্তিত ভয়ংকৰ অগ্নিকাণ্ড (Fire at GS Road in Guwahati) । মহানগৰীৰ ছিলভাৰ স্কোৱেৰত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডটো । শনিবাৰে পুৱাৰ ভাগত এই অগ্নিকাণ্ডটো সংঘটিত হোৱাত অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় । এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় এখন চাৰিচকীয়া বাহন ।  

ঘটনাৰ বিৱৰণি অনুসৰি শনিবাৰে পুৱা প্ৰায় ১০.৩০ বজাত এই অগ্নিকাণ্ড সংঘটিত হয় । ছিলভাৰ স্কোৱেৰৰ ভূমি মহলাৰ পাৰ্কিঙত ৰখাই থোৱা বাহনখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত বাহনখন ভস্মীভূত হয় (Fire at Silver Square in Guwahati)। অৱশ্য়ে বাহনখনৰ কাষতে পাৰ্কিং কৰি থোৱা AS01 DT2577 নম্বৰৰ আন এখন চাৰিচকীয়া বাহনলৈ জুই বিয়পে যদিও বাহনখনৰ গৰাকীৰ তৎপৰতাত ভস্মীভূত হোৱাৰ পৰা ৰক্ষা পৰে । অগ্নিকাণ্ডৰ ফলত অট্টালিকাটো ধোঁৱাই চানি ধৰে । ফলত অট্টালিকাটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয় । অগ্নিকাণ্ডৰ সময়চোৱাত এই অট্টালিকাটোত থকা বিভিন্ন প্ৰতিষ্ঠানৰ কাৰ্যালয়ৰ কামকাজ স্থবিৰ হৈ পৰে । বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ ফলত অট্টালিকাটো অন্ধকাৰত ডুব যায় ।  

পিচত অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হোৱাত জাহ যোৱাৰ পৰা কথমপি ৰক্ষা পৰে অট্টালিকাটো । আধা ঘন্টাৰ ভিতৰত জুই নিৰ্বাপন কৰে অগ্নিনিৰ্বাপক বাহিনীয়ে । ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ পাণবজাৰ আৰু দিছপুৰৰ পৰা যোৱা দুখন বাহনে অগ্নি নিৰ্বাপন কৰে । এই অগ্নিকাণ্ডত কোনোলোক হতাহত হোৱা নাই । 

বাহনখনত কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল তাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । উল্লেখ্য যে মহানগৰীত সঘনাই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ আহিছে । জনবসতি ঘন হোৱাৰ লগতে যান-জটৰ বাবে কিছু স্থানত অগ্নিনিৰ্বাপন বাহিনীৰ বাহন গৈ সময়মতে উপস্থিত হ'ব নোৱৰা বাবেও অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ ধাৰণ কৰে ।

লগতে পঢ়ক:Sankaradeva Sangha Conference: শঙ্কৰদেৱ সংঘৰ অধিৱেশনলৈ আহি থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বাছ

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details